জে বি আইন মহাবিদ্যালয়ত বহু কোটি টকীয়া কেলেংকাৰীঃ অধ্যক্ষাৰ সৈতে মুঠ ৩ জনক নিলম্বন...

জে বি আইন মহাবিদ্যালয়ত বহু কোটি টকীয়া কেলেংকাৰীঃ অধ্যক্ষাৰ সৈতে মুঠ ৩ জনক নিলম্বন...

author-image
Asomiya Pratidin
New Update
জে বি আইন মহাবিদ্যালয়ত বহু কোটি টকীয়া কেলেংকাৰীঃ অধ্যক্ষাৰ সৈতে মুঠ ৩ জনক নিলম্বন...

জে বি আইন মহাবিদ্যালয়ত বহু কোটি টকীয়া কেলেংকাৰীঃ অধ্যক্ষাৰ সৈতে মুঠ ৩ জনক নিলম্বন...

ডিজিটেল ডেস্কঃ গুৱাহাটীৰ জগন্নাথ বৰুৱা আইন মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ মালবিকা তালুকদাৰক নিলম্বন কৰা হৈছে। মহাবিদ্যালয়খনত সংঘটিত হোৱা বহু কোটি টকীয়া বিত্তীয় কেলেংকাৰীৰ বাবে তেওঁৰ বিৰুদ্ধে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

Advertisment

জে বি আইন মহাবিদ্যালয়ৰ অধ্যক্ষা ড০ মালবিকা তালুকদাৰৰ লগতে মহাবিদ্যালয়খনৰ আন দুজন কৰ্মচাৰী ক্ৰমে প্ৰেকটিকেল ক’ৰ্ছ ক'ৰ্ডিনেটৰ ৰঞ্জন জ্যোতি দাস আৰু গাণনিক প্ৰদীপ বেজবৰুৱাকো নিলম্বন কৰা হৈছে। উল্লেখ্যে যে, মহাবিদ্যালয়খনত সংঘটিত হোৱা বহু কোটি টকীয়া কেলেংকাৰীৰ পোহৰলৈ অহাৰ পিছতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।

এই গোটেই বিষয়টো পৰ্যালোচনা কৰিবলৈ গঠন কৰা হৈছিল এখন পাঁচ জনীয়া তদন্ত কমিটী। এই কমিটীয়ে আৰ্থিক দিশসমূহ পৰ্যালোচনা কৰাৰ লগেত অডিটো কৰিছিল।

এই অডিট ৰিপ’ৰ্ট আৰু পৰ্যালোচনাৰ অন্তত আৰ্থিক কেলেংকাৰীৰ বিষয়টো স্পষ্ট হৈ পৰে। তাৰ পাছতেই মহাবিদ্যালয়খনৰ পৰিচালনা সমিতিয়ে তেওঁক নিলম্বনৰ সিদ্ধান্ত গ্ৰহণ কৰে আৰু যোৱা ২ নৱেম্বৰত তেওঁক পদৰ পৰা নিলম্বনৰ সিদ্ধান্তত অনুমোদন দিয়ে।

অধ্যক্ষসহিতে নিলম্বিত তিনিওজনে গোটেই কেলেংকাৰী ২০১৯ ৰ পৰা ২০২৪ ৰ ভিতৰত সংঘটিত কৰিছিল।  তদন্ত কমিটীয়ে তেওঁলোকৰ বিৰুদ্ধে মুঠ ৬৭ পৃষ্ঠাৰ এক প্ৰতিবেদন দাখিল কৰিছে।

Also Read: সলনি হ'ল উপ নিৰ্বাচনৰ দিনঃ ১৪ টা সমষ্টিৰ বাবে নতুন দিন নিৰ্ধাৰণ নিৰ্বাচন আয়োগৰ...

কেলেংকাৰী জে বি আইন মহাবিদ্যালয়