মহানগৰীত ফ্লেট বিক্ৰীৰ নামত চূড়ান্ত প্ৰহসন : ৬ বছৰে সম্পূৰ্ণ নহ'ল নিৰ্মাণ...

মহানগৰীত ফ্লেট বিক্ৰীৰ নামত চূড়ান্ত প্ৰহসন : ৬ বছৰে সম্পূৰ্ণ নহ'ল নিৰ্মাণ...

ডিজিটেল ডেস্কঃ গুৱাহাটী মহানগৰীত পুনৰ পোহৰলৈ আহিল এক বিল্ডাৰৰ কু- চক্ৰান্তৰ কাহিনী। বিল্ডাৰৰ প্ৰতাৰণাৰ বলি হোৱা ১৫ টা ভুক্তভোগী পৰিয়াল অৱশেষত কাষ চাপিল সংবাদ মাধ্যমৰ।

ঘটনাৰ বিৱৰণ অনুসৰি গুৱাহাটীৰ জাপৰিগোগ অঞ্চলৰ কে-৬ কণস্ত্ৰাকচনৰ গৰাকী বিল্ডাৰ ৰাজ বৰুৱাই নিৰ্মাণ কৰিব লগীয়া এক অট্টালিকাৰ ১৫ টা ফ্লেট ক্ৰয়ৰ বাবে প্ৰতিষ্ঠানটোৰ লগত চুক্তিবদ্ধ হয় ১৫ টা পৰিয়াল। চুক্তি অনুসৰি ৰাজ বৰুৱাই পৰিয়াল কেইটাক চুক্তিৰ ৩ বছৰৰ ভিতৰত হস্তান্তৰ কৰিব লাগে নিৰ্মাণ কৰা ফ্লেট কেইটা। ২০১৭/ ১৮ চনতে ফ্লেট কেইটা বিক্ৰীৰ চুক্তি সম্পন্ন হৈছিল যদিও আজিকোপতি নিৰ্মাণ সম্পূৰ্ণ নহল ফ্লেট কেইটাৰ।

ফ্লেট ক্রয়ৰ বাবে চুক্তিবদ্ধ হোৱা পৰিয়াল কেইটাই অভিযোগ কৰে যে চুক্তিৰ ৬ বছৰৰ পিছতো নিৰ্মাণৰ ৭০ শতাংশই সম্পূৰ্ণ নহ'ল । তদুপৰি ফোন কৰিলেও বিল্ডাৰ ৰাজ বৰুৱাই ফোন নধৰে। ইতিমধ্যেই ফ্লেট ক্ৰয়ৰ মুঠ পৰিমাণৰ ৭০/৮০ শতাংশ ধন পৰিয়াল কেইটাই ৰাজ বৰুৱাক পৰিশোধ কৰিছে।

বেংকৰ পৰা লোন লৈ ফ্লেট ল'ব বিচৰা পৰিয়াল কেইটাৰ এতিয়া অৱস্থা তথৈবচ । কে-৬ কণচষ্ট্ৰকচনৰ গৰাকী বিল্ডাৰ ৰাজ বৰুৱাৰ বৰ্তমান কোনো শুং সূত্ৰ নাই।

তেঁওৰ বিৰুদ্ধে আন এক অভিযোগ হৈছে ফ্লেট দিম বুলি এটা পৰিয়ালৰ পৰা ৩০ লাখ টকা লৈ বৰুৱাই দেখুওৱা ফ্লেটটোৰ বাবে আন এজনৰ লগতহে চুক্তি বদ্ধ হৈছিল। আনহাতে ৩০ লাখ টকা লোৱাজনক আন এঠাইত তেওঁ নিৰ্মাণ কৰা বিল্ডিঙত ফ্লেট দিম বুলি এতিয়ালৈ ঠগাই আছে বিল্ডাৰ গৰাকীয়ে। উপাই হীন লৈ ভুক্তভোগী পৰিয়াল কেইটাই এতিয়া প্ৰশাসন আৰু RERA কৰ্তৃপক্ষৰ ওচৰ চপাৰ সিদ্ধান্ত লৈছে।

মহানগৰীত ফ্লেট বিক্ৰীৰ নামত চূড়ান্ত প্ৰহসন : ৬ বছৰে সম্পূৰ্ণ নহ'ল নিৰ্মাণ...
অন্য় এক অভিলেখৰ দিশে ৰোহিত শৰ্মা...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in