মহানগৰীৰ খানাপাৰাত STFৰ জালত ড্ৰাগছসহ সৰবৰাহকাৰী

অসম এছটিএফ-ৰ এটা অভিযানকাৰী দলে শনিবাৰে পুৱা ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে গুৱাহাটীত এক অভিযান চলায়

author-image
Asomiya Pratidin
New Update
মহানগৰীৰ খানাপাৰাত STFৰ জালত ড্ৰাগছসহ সৰবৰাহকাৰী

ডিজিটেল সংবাদ, গুৱাহাটীঃ এক বিশেষ সূত্ৰৰ পম খেদি অসম এছটিএফ-ৰ এটা অভিযানকাৰী দলে শনিবাৰে পুৱা ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে গুৱাহাটীত এক অভিযান চলায়। গুৱাহাটীৰ খানাপাৰা অভাৰব্ৰীজৰ কাষত চলোৱা এই অভিযানত ৬জন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে। সৰবৰাহকাৰী কেইজনৰ পৰা ৩৩ টা চিচাৰ কণ্টেইনাৰত ভৰাই থোৱা ৪৬ গ্ৰাম হেৰোইনৰ জব্দ কৰিছে এছ টি এফ বাহিনীয়ে।

Advertisment

আটকাধীন ড্ৰাগছ সৰবৰাহকাৰী কেইজন হ'ল- মেঘালয়ৰ বৰ্ণিহাটৰ সঞ্জয় বিশ্ব (২৮), বশিষ্ঠ নতুন বজাৰৰ অৱতাৰ সিং (৩০), ঢকুৱাখনা দাংধৰাৰ শ্যামল পেগু (১৯), সোণাপুৰ কপালকটাৰ মঃ বিকাশ আলি (২৩), ক‌ইনাধৰা উদয়নগৰৰ নয়ন তালুকদাৰ (২৮) আৰু দিছপুৰ লাষ্ট গেটৰ যুবৰাজ কল্যান (২৪ )।

উল্লেখ্য যে, তেওঁলোকৰ পৰা ২ টা মোবাইল ফোনো জব্দ কৰিছে অভিযানকাৰী বাহিনীয়ে। এছটিএফে জব্দ কৰা ড্ৰাগছৰ লগতে আন সামগ্ৰীৰ সৈতে আটকাধীন ৬ ড্ৰাগছ সৰবৰাহকাৰীৰ‌ বিৰুদ্ধে যাৱতীয়‌ আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ উদ্দেশ্যে স্থানীয় বশিষ্ঠ থানাক বিধিগত ভাবে চমজাই দিয়ে।

Also Read: বিজেপিৰ বিৰুদ্ধে গৰজি উঠিছে সদৌ অসম বেংগলী যুৱ ছাত্ৰ ফেডাৰেচন

Assam police