বিজেপিৰ বিৰুদ্ধে গৰজি উঠিছে সদৌ অসম বেংগলী যুৱ ছাত্ৰ ফেডাৰেচন

বিজেপিৰ বিৰুদ্ধে গৰজি উঠিছে সদৌ অসম বেংগলী যুৱ ছাত্ৰ ফেডাৰেচন

author-image
Asomiya Pratidin
New Update
বিজেপিৰ বিৰুদ্ধে গৰজি উঠিছে সদৌ অসম বেংগলী যুৱ ছাত্ৰ ফেডাৰেচন

ডিজিটেল সংবাদ, ধেমাজিঃ বিজেপিৰ বিৰুদ্ধে গৰজি উঠিছে সদৌ অসম বেংগলী যুৱ ছাত্ৰ ফেডাৰেচন। বেংগলী জনগণক চৰকাৰে চৰম প্ৰতাৰণা কৰাৰ অভিযোগ ফেডাৰেচনটোৰ। এইবাৰ ৫৫ লক্ষাধিক বেংগলী ৰাইজে বিজেপি চৰকাৰক সমৰ্থন নিদিয়ে বুলি হুংকাৰ প্ৰদান কৰে সংগঠনটোৱে।

Advertisment

এই হুংকাৰ সদৌ অসম বেংগলী যুৱ ছাত্ৰ ফেডাৰেচনৰ সম্পাদক অজিত নাথৰ। শুকুৰবাৰে চিলাপথাৰৰ মাজৰবাৰীত অনুষ্ঠিত বেংগলী ফেডাৰেচনৰ এক শপত গ্ৰহণ অনুষ্ঠানত সংগঠনটোৱে এই হুংকাৰ দিয়ে চৰকাৰক। 'সব কা বিশ্বাস-সব কা বিকাশৰ' নামত বেংগলী ৰাইজক বি জে পি চৰকাৰে চৰম প্ৰতাৰণা কৰিছে বুলি অভিযোগ।

কথা দি কথা নাৰাখিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বুলি মন্তব্য কৰে সংগঠনটোৰ সম্পাদকগৰাকীয়ে। ভূমিৰ অধিকাৰ দিয়াৰ নামত চৰম বঞ্চনা কৰাৰ অভিযোগ চৰকাৰৰ বিৰুদ্ধে। বসুন্ধৰা আঁচনিৰ সুবিধাৰ বাবে গৈ ৰাইজ মুখ ঠেকেচা খাইছে বুলিও মন্তব্য তেওঁৰ। চৰকাৰে আজিলৈকে বেংগলী ৰাইজৰ 'ডি ভোটাৰ' সমস্যা সমাধা কৰা নাই আৰু আজি পৰ্যন্ত ডীটেনচন কেম্পতে আৱদ্ধ হৈ আছে বহু বেংগলী লোক বুলি কৈ সম্প্ৰতি চৰকাৰে নতুনকৈ অধিক শিবিৰ বনাই আছে বুলি ক্ষোভ প্ৰকাশ কৰে।

বেংগলী জনগণক কেৱল ভোট বেংক হিচাপে ব্যৱহাৰ কৰি কণা হাঁহক পতন দি আহিছে বিজেপি চৰকাৰে বুলিও তেওঁ মন্তব্য কৰে। গতিকে এইবাৰ এই চৰকাৰক অসমৰ ৫৫ লক্ষ বেংগলী ভোটাৰে সমৰ্থন নিদিয়ে দাবী কৰে তেওঁ। যিটো দলে বেংগলী জনগণৰ জ্বলন্ত সমস্যা সমাধান কৰিব তাকে সমৰ্থন দিব বুলি জনাকীৰ্ণ সভাখনত উপস্থিত ফেডাৰেচনৰ শীৰ্ষ নেতাই সদৰি কৰে।

Also Read: প্ৰসংগ জম্মু-কাশ্মীৰঃ পাকিস্তানৰ বিৰুদ্ধে সক্ৰিয় মন্তব্য ভাৰতৰ

All Assam Bengali Youth Federation