/asomiyapratidin/media/media_files/2024/11/27/wpAisIfef28LO3YzDcrG.jpg)
ডিজিটেল ডেস্কঃ দীঘলীপুখুৰীৰ খাওগলিত চলিল প্ৰশাসনৰ উচ্ছেদ অভিযান। মঙলবাৰে নিশাৰ ভাগত দীঘলীপুখুৰীৰ পদপথত থকা সকলো বিপনী উচ্ছেদ চলায় গুৱাহাটী পৌৰ নিগমে। মঙলবাৰে নিশা ১.৩০বজাত চলাই এই উচ্ছেদ।
উল্লেখ কৰা প্ৰয়োজন যে, উৰণ সেতু নিৰ্মাণৰ বাবে এই উচ্ছেদ চলায় পৌৰ নিগমে। পূৰ্বতেই পদপথৰ সকলো দোকানীক উক্ত স্থান এৰিবলৈ জাননী প্ৰেৰণ কৰিছিল পৌৰ নিগমে।
ইফালে পৌৰ নিগমৰ এই উচ্ছেদ অভিযানৰ মাজতে একাংশ দোকানীৰ সৈতে উচ্ছেদকাৰী দল তৰ্কাতৰ্কিতো লিপ্ত হয়। আগন্তুক দুটা দিনৰ ভিতৰত উক্ত স্থান সম্পূৰ্ণৰূপে মুকলি কৰা হব বুলি সদৰি কৰিছে প্ৰশাসনে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us