ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ অন্তত ২১ আগষ্টতহে GU ৰ উপাচাৰ্য হিচাপে দায়িত্ব লোৱাৰ সিদ্ধান্ত ননী গোপাল মহন্তৰ

প্ৰতাপজ্যোতি সন্দিকৈৰ কাৰ্যকাল অন্ত নপৰোঁতেই মহন্তই উপাচাৰ্য হিচাপে লৈছিল শপত

author-image
Asomiya Pratidin
New Update
ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ অন্তত ২১ আগষ্টতহে GU ৰ উপাচাৰ্য হিচাপে দায়িত্ব লোৱাৰ সিদ্ধান্ত ননী গোপাল মহন্তৰ

ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ অন্তত ২১ আগষ্টতহে GU ৰ উপাচাৰ্য হিচাপে দায়িত্ব লোৱাৰ সিদ্ধান্ত ননী গোপাল মহন্তৰ

ডিজিটেল ডেস্কঃ অৱশেষত চৌদিশে হোৱা তীব্ৰ প্ৰতিক্ৰিয়া দেখি হাৰ মানিলে গুৱাহাটী বিশ্ববিদ্যালয়ৰ নৱনিযুক্ত উপাচাৰ্য ড০ ননী গোপাল মহন্তই। বৰ্তমানৰ উপাচাৰ্য ড০ প্ৰতাপজ্যোতি সন্দিকৈৰ কাৰ্যকাল অন্ত পৰাৰ পাছতহে বিশ্ববিদ্যালয়খনৰ নতুন উপাচাৰ্য হিচাপে দায়িত্ব ল'ব ড০ মহন্তই। এই সন্দৰ্ভত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়কলৈ এক পত্ৰ প্ৰেৰণ কৰিছে ড০ মহন্তই।

Advertisment

এই পত্ৰত মহন্তই ২১ আগষ্ট ২০২৪ ত হে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ দায়িত্ব গ্ৰহণ কৰিব বুলি উল্লেখ কৰিছে। উল্লেখযোগ্য যে, বৰ্তমানৰ উপাচাৰ্য প্ৰতাপজ্যোতি সন্দিকৈৰ কাৰ্যাকাল ২০ আগষ্ট ২০২৪ ত অন্ত পৰিব।

কিন্তু তাৰ পূৰ্বেই তদানীন্তন ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াই গুৱাহাটী বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্য হিচাপে ড০ ননী গোপাল মহন্তক নিযুক্তি দিয়াই নহয়, ২৯ জুলাইত শপতগ্ৰহণো কৰাইছিল।

এই বিষয়টোক লৈ যথেষ্ট প্ৰতিক্ৰিয়া হৈছিল আৰু এজন উপাচাৰ্যৰ কাৰ্যকাল অন্ত নপৰোঁতেই নতুন উপাচাৰ্যক শপত গ্ৰহণ কৰোৱাৰ বিষয়ক লৈ বিভিন্ন মাধ্যমত আলোচনা চলিছিল। এনে প্ৰেক্ষাপটত ড০ সন্দিকৈয়ে তেওঁৰ কাৰ্যকাল অন্ত পৰাৰ পূৰ্বেই পদত্যাগ পত্ৰ প্ৰেৰণ কৰি ১৩ আগষ্টতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ পদবী এৰাৰ সিদ্ধান্ত লৈছিল।

Also Read: যিমানেই পাহাৰৰ বোকামাটি খান্দিছে সিমানেই বৃদ্ধি পাইছে মৃতদেহ....

গুৱাহাটী বিশ্ববিদ্যালয় ড০ ননীগোপাল মহন্ত প্ৰতাপজ্যোতি সন্দিকৈ