/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/8c32d8a1-97e3-4a7c-bb8d-8cdddc723e08/Bondana.jpg)
ডিজিটেল ডেস্কঃ বুধবাৰে খানাপাৰাৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অসমৰ কৃষি বিভাগৰ উদ্যোগত ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা(RKVY) আৰু কৃষোন্নতি যোজনা (KY)ৰ অধীনস্থ কেন্দ্ৰীয় পৃষ্ঠপোষকতাৰ আঁচনিসমূহৰ ওপৰত এখনি পৰ্যালোচনা সভা অনুষ্ঠিত কৰা হয় ৷ পৰ্যালোচনা সভাখনত কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি হিচাবে উপস্থিত থকা যুটীয়া সচিব এছ ৰুক্মিণী তথা অতিৰিক্ত সচিব শ্ৰী অৰবিন্দ মেচৰামৰ আগত আঁচনিসমূহৰ পৰ্যালোচনা আগবঢ়ায় আঁচনিসমূহৰ ৰূপায়ণ দায়িত্বত থকা ৰাজ্যিক ন'ডেল বিষয়াসকলে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/ff97619d-08c5-4d4d-ae56-b3a32206b9ac/4a1b697e_2c88_425f_9249_d821000eef1c.jpg)
লগতে আলোচনাচক্ৰত কেন্দ্ৰীয় চৰকাৰৰ বিষয়াসকলে অসম চৰকাৰৰ বিষয়াসকলৰ সৈতে প্ৰত্যক্ষ মত বিনিময়ৰ জৰিয়তে অসমৰ কৃষিখণ্ডত কেন্দ্ৰীয় চৰকাৰৰ আঁচনিসমূহ ৰূপায়ণৰ ক্ষেত্ৰত অহা প্ৰত্যাহ্বানসমূহৰ ওপৰত আলোকপাত কৰে ৷
কেন্দ্ৰীয় পৃষ্ঠপোষকতাৰ এই আঁচনিসমূহৰ সম্প্ৰসাৰণ, ৰূপায়ণ আৰু সঠিক নিৰীক্ষণৰ ওপৰত আলোচনাচক্ৰখনত গুৰুত্ব আৰোপ কৰা হয় ৷ যিহেতু ৰাজ্যৰ কৃষিখণ্ডৰ সামগ্ৰিক বিকাশ তথা কৃষকৰ আয় বৃদ্ধিত এই আঁচনিসমূহ সঠিক ৰূপায়ণে সহায় কৰিব, সেয়েহে আলোচনাচক্ৰত এই আঁচনিসমূহৰ অধীনত উপযুক্ত কৃষি আন্তঃগাঁথনি বিকাশ, উৎপাদিত সামগ্ৰী বিক্ৰীৰ বাবে পৰ্যাপ্ত বজাৰ ব্যৱস্থা গঢ়ি তোলাৰ ওপৰোত গুৰুত্ব প্ৰদান কৰা হয় ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/487f2b60-8ff8-4456-891d-73649000d10c/fe19ad1f_437f_4b61_8e74_8bf171e94b7e.jpg)
এই আলোচনাচক্ৰত অসম চৰকাৰৰ মাননীয় অতিৰিক্ত মুখ্য সচিব আৰু কৃষি উৎপাদন আয়ুক্ত ডা: আশীষ কুমাৰ ভূটানী, অসম চৰকাৰৰ কৃষি বিভাগৰ সঞ্চালক শ্ৰী ভাস্কৰ পেগু, উদ্যান শস্য সঞ্চালক শ্ৰী ত্ৰিৰংগ ভাৰতীয় বৰা প্ৰমুখ্যে কৃষি বিভাগৰ অন্যান্য বিষয়ববীয়া উপস্থিত থাকে ৷
Also Read: ধেমাজিত শিশুৰ অভিনয় আৰু আবৃত্তিৰ কৰ্মশালা...