/asomiyapratidin/media/media_files/2025/06/03/5l0DWYiKVmtmQQuJiuAY.jpg)
ডিজিটেল ডেস্কঃ আজি গুৱাহাটীস্থিত ৰাজীৱ ভৱনত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি হিচাপে আনুষ্ঠানিকভাৱে দায়িত্ব গ্ৰহণ কৰিলে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তথা লোকসভাৰ বিৰোধী উপ-দলপতি গৌৰৱ গগৈয়ে। অসম প্ৰদেশ কংগ্ৰেছৰ পৰ্যবেক্ষক তথা নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক জীতেন্দ্ৰ সিঙৰ উপৰিও কংগ্ৰেছৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতাৰ উপস্থিতিত ভূপেন কুমাৰ বৰাৰ পৰা আনুষ্ঠানিকভাৱে তেওঁ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰে।
তাৰ পিছতেই নৱনিযুক্ত সভাপতি গগৈক ফুলাম গামোচা, ফুলৰ থোপা আদিৰে শুভেচ্ছা জ্ঞাপন কৰে ভূপেন বৰা, জীতেন্দ্ৰ সিঙকে ধৰি একাধিক কংগ্ৰেছ নেতাই। সমান্তৰালকৈ গৌৰৱ গগৈয়েও ভূপেন বৰাৰ লগতে জ্যেষ্ঠ কংগ্ৰেছ নেতা পৱন সিং ঘাটোৱাৰ, জীতেন্দ্ৰ সিং, অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন, কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰ, ৰ’জলীনা তিৰ্কিকে ধৰি কেইবাজনো জ্যেষ্ঠ নেতা তথা নতুনকৈ দায়িত্ব প্ৰাপ্তক সম্বৰ্ধনা জনাই গৌৰৱ গগৈয়ে।
এই অনুষ্ঠানতে কংগ্ৰেছ দলটোৰ বেয়া দিনতো দলটোক শক্তিশালীভাৱে নেতৃত্ব প্ৰদান কৰাৰ বাবে ভূপেন কুমাৰ বৰাক আনুষ্ঠানিকভাৱে কৃতজ্ঞতা জ্ঞাপন কৰে সাংসদ ৰকিবুল হুছেইনৰ লগতে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই।
দেৱব্ৰত শইকীয়াই কয়, আমাৰ বিদায়ী সভাপতি ভূপেন কুমাৰ বৰাই দললৈ যি অৱদান আগবঢ়ালে তাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰিছো। তেওঁ আৰু কয়, বিৰোধী দলপতি ৰাহুল গান্ধী, কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে আৰু ইউ পি এৰ অধ্যক্ষ ছোনিয়া গান্ধীৰ আশীৰ্বাদ লৈ আজি অসমত নতুন সভাপতিয়ে দায়িত্ব গ্ৰহণ কৰিছে। এই সুযোগতে সঠিকভাৱে কাম কৰি যাবলৈ অসমবাসীৰ দিহা-পৰামৰ্শও কামনা কৰিছো। তাৰোপৰি তেওঁ দলৰ তৃণমূল পৰ্যায়ৰ কৰ্মীসকলেও যাতে ৰাইজৰ সৈতে সম্পূৰ্ণ যোগদান কৰে তাৰ বাবেও আহ্বান জনায়।
আনহাতে সাংসদ ৰকিবুল হুছেইনে কয়, ভূপেন কুমাৰ বৰা ডাঙৰীয়াক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। এটা জটিল সন্ধিক্ষণত দলৰ দায়িত্ব গ্ৰহণ কৰি সূচাৰুৰূপে দলটোক ঐক্যবদ্ধভাৱে ৰাখি ৰাইজৰ কাষলৈ লৈ গৈছিল। তাৰোপৰি তেওঁ নতুনকৈ দায়িত্ব গ্ৰহণ কৰা গৌৰৱ গগৈকো অভিনন্দন জ্ঞাপন কৰিছে।
তেওঁ কয়, গৌৰৱ গগৈ ডাঙৰীয়াক বহু আশাৰে সভাপতিৰ দায়িত্ব দিছে। অসমৰ ৰাইজেও চাই আছে। আমি আশা কৰিছো আমাৰ কংগ্ৰেছৰ কৰ্মীসকলে ধীৰে-সুস্থিৰে আগবাঢ়িব লাগিব। আমি বহু আশালৈ এনেদৰে কাম কৰি যাবলৈ ঐক্যবদ্ধ হৈছো। আমাৰ প্ৰতিটো খোজ-কাটলে যাতে অসমৰ ৰাইজৰ মন জয় কৰিব পাৰে, সাংবাদিক বন্ধুসকলৰ সৈতে যাতে এটা ভাল সম্বন্ধ ৰাখে, অসমৰ উন্নয়নৰ স্বাৰ্থত শত্ৰুপক্ষৰ সৈতেও ভাল সম্পৰ্ক ৰাখে।
জ্যেষ্ঠ জনলৈ মৰম, সন্মানেৰে সকলো জাতি, জনগোষ্ঠীৰ মাজত মিলাপ্ৰীতিৰে অসমক শান্তি সম্প্ৰীতিৰে সকলোৰে মাজত ভাতৃত্ববোধ বজাই ৰাখিবলৈ সকলোৰে মনৰ পৰা ভয়, ভাবুকি আঁতৰাবলৈ কাম কৰাৰ প্ৰসংগও উল্লেখ কৰে সাংসদ হুছেইনে।
উল্লেখ্য, দায়িত্ব গ্ৰহণৰ পূৰ্বে গৌৰৱ গগৈয়ে আজি পুৱাই কেইবাজনো সতীৰ্থ, জ্যেষ্ঠ নেতা তথা অনুৰাগীৰ সৈতে কামাখ্যা দৰ্শন কৰি আশীৰ্বাদ গ্ৰহণ কৰে।