অহা ২৫ অক্টোবৰত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত ‘জুই’…

অহা ২৫ অক্টোবৰত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত ‘জুই’…

author-image
asomiyapratidin
New Update
অহা ২৫ অক্টোবৰত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত ‘জুই’…

ডিজিটেল ডেস্কঃ অহা ২৫ অক্টোবৰত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় নাট্য সমলয়ে মহাবিদ্যালয় প্ৰেক্ষাগৃহত মঞ্চস্থ কৰিব এখনি পুৰ্ণাংগ নাট। হেমন্ত দত্ত ৰচিত আৰু খনীন্দ্ৰ কুমাৰ দাসৰ পৰিচালনাৰে মঞ্চস্থ হবলগীয়া নাট খনৰ নাম 'জুই'। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় কণিষ্ঠ চিকিৎসক সন্থা আৰু মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ উদ্যোগত আয়োজন কৰা হৈছে এই শাৰদীয় নাট্য সন্ধিয়াটি।

উল্লেখ্য যে, এইবাৰৰ সৈতে ক্ৰমাগতভাৱে তৃতীয়টো বছৰৰ বাবে নাট্য সমলয়ে নিৱেদন কৰিবলৈ লোৱা এই নাট্য সন্ধিয়াত প্ৰৱেশ বিনামূলীয়া৷ মঞ্চস্থ হবলগীয়া নাটখনিত অভিনয় কৰিব গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ কণিষ্ঠ চিকিৎসক আৰু ছাত্ৰ-ছাত্ৰীসকলে। শাৰদীয় এই নাট্য সন্ধিয়াটিত মহাবিদ্যালয় ছাত্ৰ একতা সভা আৰু কণিষ্ঠ চিকিৎসক সন্থাই সকলো নাট্যপ্ৰেমী ৰাইজৰ উপস্থিতি কামনা কৰিছে৷