Advertisment

জি আই টিৰ ৰূপালী জয়ন্তী বৰ্ষ অনুষ্ঠানৰ সামৰণি...

ৰাজ্যৰ কাৰিকৰী শিক্ষাৰ অগ্রণী শিক্ষা প্রতিষ্ঠান গুৱাহাটী ইনষ্টিটিউট অব টেকন 'লজী চমুকৈ জি আই টিয়ে এইবাৰ ২৫ বৰ্ষত ভৰি দিছে। সেই উপলক্ষে দুদিনীয়া অনুষ্ঠানেৰে ৰূপালী জয়ন্তী বৰ্ষৰ আয়োজন কৰে...

author-image
Asomiya Pratidin
New Update
ভাস্কৰ জ্যোতি মহন্ত

ডিজিটেল সংবাদ,গুৱাহাটী:  ৰাজ্যৰ কাৰিকৰী শিক্ষাৰ অগ্রণী শিক্ষা প্রতিষ্ঠান গুৱাহাটী ইনষ্টিটিউট অব টেকন 'লজী চমুকৈ জি আই টিয়ে এইবাৰ ২৫ বৰ্ষত ভৰি দিছে। সেই উপলক্ষে দুদিনীয়া অনুষ্ঠানেৰে ৰূপালী জয়ন্তী বৰ্ষৰ আয়োজন কৰে। যোৱা ১৬ আৰু ১৭ নৱেম্বৰ তাৰিখে উজান বজাৰৰ কুমাৰ ভাস্কৰ নাট্য মন্দিৰ প্রেক্ষাগৃহত এই অনুষ্ঠানৰ আয়োজন কৰা হয়।

Advertisment

জি আই টি

প্রথম দিনাৰ মুখ্য কাৰ্য্যসূচী হিচাপে জি আই টিৰ প্ৰতিষ্ঠাপক প্রয়াত সঞ্জীর গোস্বামীৰ সোঁৱৰণত আন্তঃ বিদ্যালয় কুইজ প্রতিযোগিতা অনুষ্ঠিত হয়। এই প্রতিযোগিতাত বিজয়ী দল সমূহক প্রমাণ পত্র, স্মাৰক আৰু নগদ ধনৰ টোপোলাৰে পুৰস্কৃত কৰা হয়। ইয়াৰ পিছতেই জি আই টিৰ আন এগৰাকী প্রতিস্থাপক প্রয়াত ৰুণুজ্যোতি গোস্বামী সোঁৱৰণী মঞ্চত অনুষ্ঠিত হয় প্রাক্তন ছাত্র- ছাত্রী সমাৰোহ।

প্রাক্তন ছাত্র-ছাত্রী সকলৰ ভিন্ন ভিন্ন সাংস্কৃতিক অনুষ্ঠানেৰে প্ৰথম দিনাৰ কাৰ্য্যসূচীৰ সামৰণী পৰে। বস্তি প্রজ্বলনেবে দ্বিতীয় দিনাৰ কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰে অসম প্ৰদূষণ নিয়ন্ত্রণ ব'ৰ্ডৰ অধ্যক্ষ অৰূপ মিশ্ৰই। ইয়াৰ পিছতেই ৰূপালী জয়ন্তী বর্ষ উপলক্ষে এখন সভা অনুষ্ঠিত হয়।

জি আই টি

সভাখনিত অতিথি হিচাপে উপস্থিত থাকে অসম প্রদূষণ নিয়ন্ত্রণ ব'ৰ্ডৰ অধ্যক্ষ অৰূপ মিশ্রৰ লগতে কলিকতাৰ অভিযান্তিক প্রতিষ্ঠানৰ অধ্যক্ষ ড° কে. চি. চাহু, ৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন অভিনেত্রী মলয়া গোস্বামী, জ্যেষ্ঠ সাংবাদিক প্রণয় বৰদলৈ, কেৰিয়াৰ পৰামৰ্শ দাতা তথা অসম ডনবস্ক' বিশ্ববিদ্যালয়ৰ মেকানিকেল বিভাগৰ মুৰব্বী অধ্যাপক ড° বুলজিৎ বুঢ়াগোঁহাই, অসম উচ্চন্যায়ালয়ৰ অধিবক্তা নেকিবুৰ জামান, কুমাৰ ভাস্কৰ নাট্য মন্দিৰ প্রেক্ষাগৃহৰ সভাপতি ৰাজীর প্রকাশ বৰুৱা।

উক্ত সভাতেই অসম আৰক্ষীৰ অৱসৰ প্ৰাপ্ত সঞ্চালক প্রধান, সাহিত্য কর্মী ভাস্কৰ জ্যোতি মহন্তক প্রদান কৰা হয় তৰণ চন্দ্ৰ গোস্বামী শৈক্ষিক ন্যাসৰ লগতে জি আই টিৰ ফালৰ পৰা প্ৰতিবছৰৰ দৰে এইবাৰো 'চম্পাৱতী বঁটা'ৰে তেখেতক বিভূষিত কৰা হয়। বঁটা গ্রহণ কৰি মহন্তদেবে কাৰিকৰী শিক্ষাৰ প্রয়োজনীয়তাৰ ওপৰত এটি চমু ভাষণ আগবঢ়াই। ইয়াৰ পিছতেই বঁটা প্রাপক ভাস্কৰ জ্যোতি মহন্তৰ জৰিয়তে প্রদান কৰা হয় আন্তঃ বিদ্যালয়ৰ কুইজ প্রতিযোগিতাৰ স্থান প্রাপ্ত প্রতিযোগী দল সমূহক পুৰস্কাৰ প্রদান কৰে।

জি আই টি

দলসমূহ ক্রমে প্রথম শ্রেষ্ঠ দল নলবাৰীৰ লিটল ফ্লাৱাৰ স্কুলৰ নৱম মান শ্রেণীৰ ছাত্র বিবেক বর্মন আৰু সুৰষ আহমেদ, দ্বিতীয় শ্রেষ্ঠ দল শংকৰদেৱ শিশু নিকেতন ইচ্ছাদঘৰীয়া আৰু ঘগ্ৰাপাৰৰ মঞ্জিষ্ঠা কুমাৰ, হিমলীনা বৰুৱা, তৃতীয় শ্রেষ্ঠ দল অসম জাতীয় বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীৰ ছাত্র প্রিয়াংসু পি শর্মা আৰু গুৰুকূল গ্ৰামাৰ স্কুলৰ ত্ৰিনাভ কাশ্যপ, চতুর্থ স্থান লাভ কৰিছে মহর্ষী বিদ্যামন্দিৰ, শিলপুখুৰীৰ ধৃতিবাজ শর্মা আৰু দেৱাংক বানী কাশ্যপ, পঞ্চম স্থান প্রাপ্ত নরম মান শ্রেণীৰ ছাত্ৰ সৰলা বিৰলা জ্ঞানজ্যোতি আৰু নুনমাটি পাব্লিক স্কুলৰ ছাত্র শুভদ্বীপ ভট্টাচার্য্য আৰু ষষ্ঠ স্থান প্রাপ্ত কটন বিশ্বাবিদ্যালয়ৰ একাদশ মানৰ ছাত্র ভার্গব দত্ত, গুৱাহাটী বাণিজ্য মহাবিদ্যালয়ৰ একাদশ শ্রেণীৰ ছাত্ৰ চিন্ময় নন্দ কিশোৰ শর্মাই।

কুইজ প্রতিযোগিতাখন সুন্দৰ ভাৱে পৰিচালনা কৰে অসমৰ জনপ্রিয় কুইজ পৰিচালক দিপাংকৰ কাশ্যপে। কুইজ প্রতিযোগিতাখনত অংশ গ্রহণ কৰি সুন্দৰভাৱে ৰূপায়ন কৰাত জি আই টিক সহায় সহযোগিতা কৰা প্ৰতিগৰাকী ছাত্র-ছাত্রীৰ লগতে স্থান লাভ কৰা সকলকো জি আই টি পৰিয়ালে শুভেচ্ছা আৰু অভিনন্দন জনাইছো। এই সভাতেই জি আই টিৰ প্রাক্তন ছাত্র সমিন দাস আৰু ২০১৭-২০১৮ চনত কাৰাটেৰ ৰাষ্ট্ৰীয় খেলৰ বাবে মনোনীত হৈ সোণৰ পদক অর্জন কৰা উৎপল দেউৰীক জি আই টিৰ হৈ সম্ভাষণ জনাই সঞ্চালিকা ৰুবীমা শর্মা গোস্বামীয়ে।

গুৱাহাটী