/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/6486523f-4217-4955-8177-b9997cf2e753/276.jpg)
ডিজিটেল ডেস্ক : গুৱাহাটী মহানগৰীৰ চানমাৰিস্থিত সাদিন-প্ৰতিদিন গোষ্ঠীৰ মুখ্য কাৰ্যালয়ত সোমবাৰে ‘ধলপানী’ শীৰ্ষক এখনি গ্ৰন্থ উন্মোচন কৰা হয়। গ্ৰন্থখনৰ লেখক গোৱালপাৰা জিলাৰ দুধনৈৰ গৌৰীশংকৰ ৰাভা।
সাদিন-প্ৰতিদিনৰ কাৰ্যালয়ত অনুষ্টুপীয়াকৈ আয়োজন কৰা অনুষ্ঠানত 'ধলপানী' শীৰ্ষক গ্ৰন্থখনি উন্মোচন কৰে ‘নন্দিনী’ আলোচনীৰ সম্পাদক মাইনী মহন্তই। গ্ৰন্থখন উন্মোচন কৰি মাইনী মহন্তই লেখক গৌৰীশংকৰ ৰাভাৰ শলাগ লয়।
উন্মোচনী ভাষণত মাইনী মহন্তই কয়- গৌৰীশংকৰ ৰাভাৰ এই কিতাপখন উন্মোচন কৰিবলৈ পাই ভাল লাগিছে। তেখেতৰ জীৱন তথা বংশৰ ওপৰত আধাৰিত এখনি গ্ৰন্থ। লগতে গ্ৰন্থখন পাঠক ৰাইজে পঢ়িব বুলি আশা প্ৰকাশ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/5c1e1ed9-0ad1-40b7-9823-3bcee11422f8/e38ecf28-dd22-4aac-9aec-b9856a0d7c42.jpg)
আনহাতে গ্ৰন্থখনৰ স্ৰষ্টা গৌৰীশংকৰ ৰাভাই তেঁওৰ এই কিতাপখন সকলো শ্ৰেণীৰ পাঠকক পঢ়িবৰ বাবে অনুৰোধ জনায়। লগতে তেঁও কয় - পাঠকসকলে কিতাপখন পঢ়ি যদি ভালপাই ভাল বুলি ক’ব নাইবা বেয়া পালেও তাক উল্লেখ কৰিবলৈ অনুৰোধ জনায়।
এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে উক্ত গ্ৰন্থখনি দুধনৈ নদীৰ চাক্ আৰু লেখক গৌৰশংকৰ ৰাভাৰ জীৱন কাহিনীৰ উপৰি বংশ পৰিচয় সন্দৰ্ভত যুগুত কৰা হৈছে। ইয়াৰোপৰি ভূ’ত নাথ নদীৰ ঘাটৰ কাহিনীৰ কিছু বৰ্ণনা গ্ৰন্থখনিত অন্তৰ্ভুক্ত কৰা হৈছে।
Also Read: বৰ্ষাপাৰাত মেচ বাতিলৰ পাছতে সিদ্ধান্ত, দৰ্শকক ঘূৰাই দিব টিকটৰ মূল্য...