/asomiyapratidin/media/media_files/2025/02/17/VhvMPG7Fr0WsAzl9sYVS.jpg)
ডিজিটেল সংবাদ গুৱাহাটীঃ ''২০২৬ৰ নিৰ্বাচনত শোচনীয়ভাৱে পৰাজয় হ’ব বুলি নিশ্চিত হোৱাৰ পিছতে গাদী হেৰুৱাৰ আশংকাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ নেতাসকলৰ ভাৱমূৰ্তি নষ্টি কৰাৰ বাবে উঠি-পৰি লাগিছে৷ সাংসদ গৌৰৱ গগৈয়ে লোকসভাত বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰি বিজেপিৰ ভ্ৰষ্টাচাৰ উদঙাই দিয়া বাবেই হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈক আক্ৰমণৰ লক্ষ্য কৰি লৈছে৷ কংগ্ৰেছ কৰ্মীসকলে সাংসদ গৌৰৱ গগৈৰ ওপৰত হোৱা আক্ৰমণত সমূহীয়া প্ৰত্যুত্তৰ দিবলৈ সাজু৷''
আজি সাংসদ গৌৰৱ গগৈৰ লগত এক যুটীয়া সংবাদমেল সম্বোধন কৰি অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতি ভূপেন কুমাৰ বৰাই এইদৰে কয়৷ সংবাদমেলখনত উপস্থিত থাকি সাংসদ গৌৰৱ গগৈয়ে কয় যে যিকোনো তদন্তৰ মুখামুখি হ’বলৈ আমি সাজু৷ ড০ হিমন্ত বিশ্ব শৰ্মাই গাদী হেৰুওৱাৰ আশংকাত এনেদৰে কংগ্ৰেছক আক্ৰমণ কৰি নিজৰ হাতাশগ্ৰস্তাতৰ প্ৰমাণ দিছে৷
গৌৰৱ গগৈয়ে কংগ্ৰেছ দল নিকা হৈ আছে বুলি স্থিতি স্পষ্ট কৰি কয় যে চৰকাৰে যি তদন্ত কৰে তাৰ বাবে সাজু আছো৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ মাথো ১২ মাহ আছে আৰু ১২ মাহ পিছতে দিছপুৰত কংগ্ৰেছৰ চৰকাৰ হ’ব বুলিও কয় গৌৰৱ গগৈয়ে৷
মুখ্যমন্ত্ৰীয়ে ছিংগাপুৰ, ডুবাইৰ কথা ক’লে জাঙুৰ খাই কিয় আৰু মুখ্যমন্ত্ৰীৰ বাংলাদেশৰ সৈতে কি সম্পৰ্ক আছে বুলিও প্ৰশ্ন কৰে৷ গৌৰৱ গগৈয়ে কয় যে মুখ্যমন্ত্ৰীয়ে প্ৰতিদিনে কথা সলাই আছে৷ ইয়াৰ দ্বাৰা প্ৰমাণিত যে মুখ্যমন্ত্ৰী শংকিত৷ মুখ্যমন্ত্ৰীয়ে আত্মবিশ্বাস হেৰুৱাইছে৷ বিজেপিয়ে গম পাইছে অহা ২০২৬ চনৰ নিৰ্বাচনত কংগ্ৰেছ চৰকাৰ হ’ব৷ কংগ্ৰেছ চৰকাৰ হ’লে মুখ্যমন্ত্ৰীৰ কি অৱস্থা হ’ব সেই কথা গম পাইছে৷
গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰীয়ে ৰাইজৰ প্ৰশ্নৰ উত্তৰ আজিলৈ দিয়া নাই বুলি কৈ কয় যে ১২ মাহ পিছত যেতিয়া তেওঁ প্ৰাক্তন মুখ্যমন্ত্ৰী হ’ব তেতিয়া উত্তৰবিলাক দিব লাগিব৷ কংগ্ৰেছৰ চৰকাৰ হ’লে মুখ্যমন্ত্ৰীৰ কি অৱস্থা সেই কথা জানে বুলি হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণ কৰি গগৈয়ে আৰু কয় যে কালি অসমৰ ৰাইজে মুখ্যমন্ত্ৰীৰ মুখখন দেখিছে৷ মুখ্যমন্ত্ৰীৰ চকুলৈ চালেই স্পষ্ট হৈ পৰে যে তেওঁ কিবা ভয় খাইছে। মুখ্যমন্ত্ৰী চিন্তিত আৰু সেয়া স্বাভাৱিক৷ কিয়নো তেওঁ ভয় খাইছে। কংগ্ৰেছৰ স্থিতি স্পষ্ট। যদি তেওঁলোকে অনুসন্ধান কৰিব বিচাৰে, তেওঁলোকে কৰিব পাৰে। আমি আমাৰ স্থিতিত দৃঢ় হৈ আছো।
মুখ্যমন্ত্ৰীয়ে ভয় খাইছে কাৰণ তেওঁ জানে যে এবছৰৰ পিছত নিৰ্বাচনত পৰাজয় নিশ্চিত আৰু তেওঁ তেওঁৰ চকী হেৰুৱাব। ৰাজ্যখনত কংগ্ৰেছ চৰকাৰ গঠন হ'লে তেওঁৰ ভৱিষ্যত কি হ'ব তাক লৈও তেওঁ ভয় কৰে। ১০ বছৰ ধৰি অসমৰ ৰাইজে বিজেপি চৰকাৰ আৰু হিমন্ত বিশ্ব শৰ্মাক প্ৰশ্ন কৰি আহিছে৷ তেওঁ এটাও প্ৰশ্নৰ উত্তৰ দিয়া নাই৷ কিন্তু ২০২৬ চনৰ নিৰ্বাচনৰ পিছত শৰ্মাই উত্তৰ দিব লাগিব।
এই ১২ মাহত কংগ্ৰেছ দল একত্ৰিত হ'ব৷ জনসাধাৰণৰ মাজলৈ যাব৷ তেওঁলোকৰ সমস্যা উত্থাপন কৰিব৷ শেষত বিজয় অসমৰ জনসাধাৰণৰ হ'ব। সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয় যে মোদী-অমিত শ্বাহৰ অপকৰ্ম, ভ্ৰষ্টাচাৰ, দুৰ্নীতি আৰু বিশেষকৈ আদানিৰ কেলেংকাৰী-ভ্ৰষ্টাচাৰ সম্পৰ্কত গৌৰৱ গগৈয়ে সদনৰ মজিয়াত যি ভূমিকা লৈছে তাৰ বাবে টাৰ্গেট কৰি লোৱা হৈছে৷
গৌৰৱ গগৈৰ অসমৰ যুৱ প্ৰজন্ম, অসমৰ সৰ্বসাধাৰণ ৰাইজৰ লগতৰ যিহেতু সু-সম্পৰ্ক আছে যোৰহাটত হৰুৱাব নোৱাৰাৰ বাবে বিজেপিৰ প্ৰতিশোধপৰায়ণ দৃষ্টি ভংগীৰে যোৱা সময়ছোৱাত আক্ৰমণ কৰি আহিছে৷ একেবাৰে নিম্নস্তৰলৈ গতি কৰিছে।
অসমৰ ৰাজনৈতিক, গণতান্ত্ৰিক ইতিহাসত আজিলৈকে কোনো ব্যক্তিক কেন্দ্ৰ কৰি কেবিনেটত আলোচনা হোৱা নাই। অসমৰ ৰাইজৰ হৈ হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটৰ প্ৰত্যেকটো সিদ্ধান্ত ৰাজহুৱাকৈ পোষ্টমৰ্টেম কৰাৰ দায়িত্ব আমি লৈছো বুলি কয় বৰাই৷
ক্ষমতা চিৰস্থায়ী নহয় বুলি উল্লেখ কৰি ভূপনে বৰাই আৰু কয় যে গৌৰৱ গগৈ অকলশৰীয়া নহয়৷ অসম প্ৰদেশ কংগ্ৰেছৰ সকলো নেতা-কৰ্মী গৌৰৱ গগৈৰ সৈতে আছে৷ কংগ্ৰেছৰ যিসকল নেতাই সন্মুখৰ পৰা দলটোক নেতৃত্ব দি বিজেপিৰ দুৰ্নীতি-ভ্ৰাষ্টাচাৰৰ বিৰুদ্ধে মাত মাতে সেইসকল নেতাৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে এনেদৰে আক্ৰমণ কৰা বুলি ভূপেন বৰাই অভিযোগ উত্থাপন কৰি তেওঁৰ পৰিয়াল, ৰেকিবুদ্দিন আহমেদৰ পৰিয়ালক আক্ৰমণৰ লক্ষ্য কৰি লোৱা বুলি কয়৷
কালি কংগ্ৰেছৰ এখন সভা চলি থকা অৱস্থাত মণ্ডল সভাপতিৰ বিৰুদ্ধে আৰক্ষীয়ে গোচৰ ৰুজু কৰাৰ কথা উল্লেখ কৰি থানালৈ মতা বুলিও হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ আনে সভাপতি বৰাই৷