Advertisment

ইটালীত বিশ্ব শব্দজাল সন্মিলনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষকৰ দলে উজলাইছে অসমীয়া আৰু বড়ো ভাষা

গুৱাহাটী বিশ্ববিদ্যালয়ৰ তথ্য প্ৰযুক্তি বিদ্যা বিভাগৰ পাঁচজনীয়া এটা গৱেষকৰ দলে ইটালীৰ পাভিয়া বিশ্ববিদ্যালয়ত অনুষ্ঠিত ২০২৫ চনৰ গ্ল’বেল ওৱৰ্ডনেট কনফাৰেন্সত অংশগ্ৰহণ কৰিছে।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
ইটালীত বিশ্ব শব্দজাল সন্মিলনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষকৰ দলে উজলাইছে অসমীয়া আৰু বড়ো ভাষা

ডিজিটেল ডেস্কঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ তথ্য প্ৰযুক্তি বিদ্যা বিভাগৰ পাঁচজনীয়া এটা গৱেষকৰ দলে ইটালীৰ পাভিয়া বিশ্ববিদ্যালয়ত অনুষ্ঠিত ২০২৫ চনৰ গ্ল’বেল ওৱৰ্ডনেট কনফাৰেন্সত (বিশ্ব শব্দজাল সন্মিলন) অংশগ্ৰহণ কৰিছে। এই গৱেষকৰ দলটোৱে সন্মিলনখনত অসমীয়া আৰু বড়ো ভাষাৰ ডিজিটেল বিকাশৰ ক্ষেত্ৰত তেওঁলোকৰ অভিলেখমূলক গৱেষণা উপস্থাপন কৰি অসমীয়া আৰু বড়ো ভাষাক আন্তঃৰাষ্ট্ৰীয় মঞ্চত লৈ অনাৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। 
অধ্যাপক ড০ শিখৰ কুমাৰ শৰ্মাৰ নেতৃত্বত যোৱা গৱেষকৰ দলটোৱে আজিৰ পৰা আৰম্ভ হোৱা এই বিশ্ব সন্মিলনত অসমীয়া আৰু বড়ো ভাষাৰ ডিজিটেল প্ৰযুক্তি বিষয়ক দুখন গৱেষণা পত্ৰ উপস্থাপন কৰিব। বিশ্ব দৰবাৰত অসমীয়া আৰু বড়ো ভাষাৰ পৰিচয়ৰ বাবে তেখেতসকলৰ অংশগ্ৰহণে উত্তৰ পূব ভাৰতৰ ভাষাসমূহৰ প্ৰযুক্তিগত বিকাশৰ প্ৰচেষ্টাক অধিক শক্তিশালী কৰাৰ লগতে দুয়োটা ভাষাৰে আন্তৰ্জাতিক প্ৰাসংগিকতাক প্ৰদৰ্শন কৰিছে। 
গৱেষক দলটোৰ অন্যতম সদস্য অধ্যাপক শিখৰ শৰ্মাই ইটালিত এই প্ৰসংগত কয় যে, ‘’এইটো আমাৰ বাবে এক গৌৰৱৰ সময়। অসমীয়া আৰু বড়ো ভাষাক আমি বিশ্ব মঞ্চত লৈ আহিবলৈ সক্ষম হৈছো। আমাৰ কামে দুয়োটা ভাষাৰ সমৃদ্ধি আৰু সম্ভাৱনাক বিশ্ব ডিজিটেল যুগত প্ৰদৰ্শন কৰিছে।‘’ 
এই গৱেষণাই কেৱল ভাষা দুটাৰ ডিজিটেল প্ৰযুক্তি বিষয়ত স্থান শক্তিশালী কৰাই নহয়, বৰং অঞ্চলটোৰ ভাষিক অৱদান বিশ্বমঞ্চত পুনৰবাৰ নিশ্চিত কৰিছে। এই সফলতাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ উদ্ভাৱনৰ পৰিবেশ আৰু ভাষিক ঐতিহ্য আৰু উন্নয়নৰ দিশত প্ৰতিশ্ৰুতিৰ এক প্ৰতিফলন। 
অধ্যাপক শিখৰ শৰ্মাৰ লগতে দলটোত আছে ড০ কুঁৱলী তালুকদাৰ, ড০ মিৰ্জানুৰ ৰহমান, ড০ ভাস্কৰ ডেকা আৰু ড০ সত্যজিত শৰ্মা। দলটোৱে সন্মিলনত দুখন গুৰুত্বপূৰ্ণ গৱেষণা পত্ৰ উপস্থাপন কৰিছে।
প্ৰথমখন অসমীয়া আৰু বড়ো ভাষাৰ ডিজিটেল শব্দজাল বিকাশৰ ওপৰত আৰু দ্বিতীয়খন হৈছে এই ওৱৰ্ডনেট অথবা শব্দজাল ব্যৱহাৰ কৰি অসমীয়া আৰু বড়ো ভাষাৰ মাজত মেচিন অনুবাদৰ ওপৰত। ওৱৰ্ডনেট হৈছে বিশ্বৰ ভাষাসমূহৰ শব্দবোৰৰ এক সামগ্ৰিক ডিজিটেল সংযোগ আৰু বিৱৰণ আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ বাবে এক শক্তিশালী সমল।  
অসমীয়া আৰু বড়ো ওৱৰ্ডনেটক এই আন্তঃৰাষ্ট্ৰীয় মঞ্চত উপস্থাপন কৰাটো ডিজিটেল জগতখনত ভাষা দুয়োটাৰ উন্নয়নৰ ক্ষেত্ৰক এক উল্লেখযোগ্য পদক্ষেপ। এই সফলতাই অসমীয়া আৰু বড়ো ভাষাৰ ভাষাগত আৰু সামগ্ৰিক গুৰুত্বক প্ৰদৰ্শন কৰাৰ লগতে দুয়োটা ভাষাকে আগন্তুক প্ৰজন্মৰ বাবে ডিজিটেল যুগত টিকাই ৰখাৰ প্ৰতি প্ৰতিশ্ৰুতি নিশ্চিত কৰিছে। 

গুৱাহাটী বিশ্ববিদ্যালয়