গুৱাহাটী বিশ্ববিদ্যালয়ত ড০ ভূপতি চন্দ্ৰ ডেকা স্মাৰক বক্তৃতা অনুষ্ঠান...

গুৱাহাটী বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ ষষ্ঠ বাৰ্ষিক ড০ ভূপতি চন্দ্ৰ ডেকা স্মাৰক বক্তৃতা আৰু বঁটা প্ৰদানৰ অনুষ্ঠান

author-image
Asomiya Pratidin
New Update
গুৱাহাটী বিশ্ববিদ্যালয়ত ড০ ভূপতি চন্দ্ৰ ডেকা স্মাৰক বক্তৃতা অনুষ্ঠান...

ডিজিটেল ডেস্ক : সোমবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ ষষ্ঠ বাৰ্ষিক ড০ ভূপতি চন্দ্ৰ ডেকা স্মাৰক বক্তৃতা আৰু বঁটা প্ৰদানৰ অনুষ্ঠান ফণীধৰ দত্ত প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হয়। ২০২১-২৩ বৰ্ষৰ গণিত বিভাগৰ মনোজ কুমাৰ নাথ আৰু দীপাংকৰ পাটগিৰিয়ে যুটীয়া ভাবে শ্ৰেষ্ঠত্বৰ সন্মান অৰ্জন কৰে।

উক্ত বঁটা স্বৰ্গীয় ভূপতি চন্দ্ৰ ডেকাৰ সহধৰ্মীণিয়ে প্ৰদান কৰে। বিভাগৰ মুৰব্বী অধ্যাপক নাজিবুদ্দিন আহমেদৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অধ্যাপক দিলীপ কুমাৰ কাকতি। অনুষ্ঠানত আই. আই. টি গুৱাহাটীৰ অধ্যাপক সুকান্ত পাটিয়ে "On the limits of centroids of triangles" বিষয়ত বক্তৃতা প্ৰদান কৰে।

Also Read: ধেমাজিত ১ কোটি ১০ লাখ টকা মূল্যৰ নিচাযুক্ত দ্ৰব্য নিষ্কাশন...

gauhati university