প্ৰতিকুল বতৰৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ডাঙৰ সিদ্ধান্ত...

ৰাজ্যত প্ৰতিকুল বতৰৰ বাবে ৰাজ্য চৰকাৰে শিক্ষানু্ষ্ঠান বন্ধ ঘোষণাকে ধৰি একাধিক সুৰক্ষামূলক ব্যৱস্থা গ্ৰহণ কৰাৰ পিছতে গুৱাহাটী বিশ্ববিদ্যালয়েও কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

author-image
Tushar Pratim
New Update
প্ৰতিকুল বতৰৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ডাঙৰ সিদ্ধান্ত...

ডিজিটেল ডেস্কঃ ৰাজ্যত প্ৰতিকুল বতৰৰ বাবে ৰাজ্য চৰকাৰে শিক্ষানু্ষ্ঠান বন্ধ ঘোষণাকে ধৰি একাধিক সুৰক্ষামূলক ব্যৱস্থা গ্ৰহণ কৰাৰ পিছতে এইবাৰ গুৱাহাটী বিশ্ববিদ্যালয়েও প্ৰতিকুল বতৰৰ বাবেও কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। নেৰানেপেৰা বৰষুণৰ ফলত গুৱাহাটী মহাগৰীত সৃষ্টি হোৱা কৃত্ৰিম বানৰ বাবে বিশ্ববিদ্যালয়খনৰ অধীনৰ সকলো পৰীক্ষা বাতিল কৰিছে। 

Advertisment

 

বিশ্ববিদ্যালয়খনৰ কৰ্তৃপক্ষই ইয়াৰ অধীনৰ সকলো মহাবিদ্যালয়ৰো পৰীক্ষা বাতিল কৰিছে। এক নিৰ্দেশনাৰ জৰিয়তে ৩১ মে শনিবাৰে অনুষ্ঠিত হবলগীয়া সকলো পৰীক্ষা বাতিলৰ কথা ঘোষণা কৰা হৈছে। পৰৱৰ্তী সময়ত পুনৰ এক জাননীৰ জৰিয়তে এই পৰীক্ষাৰ সূচী ঘোষণা কৰিব বুলিও জনাইছে।

 

উল্লেখ্য যে, ৰাজ্যত সৃষ্টি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত গুৱাহাটী মহানগৰীত শুকুৰবাৰে পুৱাৰে পৰা কৃত্ৰিম বানপানীয়ে ভয়ানক ৰূপ ধাৰণ কৰিছে। ঠায়ে ঠায়ে এবুকু পৰ্যন্ত হৈছে বানপানী। এনে পৰিস্থিতিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক সংবাদ মেল সম্বোধন কৰি শনিবাৰে সকলো শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰাৰ লগতে চৰকাৰী কৰ্মচাৰীসকলৰো কেজুৱেল ছুটি ঘোষণা কৰিছে। তেওঁ পৰাপক্ষত গুৱাহাটীৰ বাসিন্দাসকলক ঘৰৰ পৰা নোলাবলৈয়ো পৰামৰ্শ আগবঢ়াইছে।

গুৱাহাটী বিশ্ববিদ্যালয়