/asomiyapratidin/media/media_files/2025/04/08/fd6rCjd6p8veqarfyDFy.jpg)
ডিজিটেল ডেস্কঃ অসম চৰকাৰে প্ৰায় ২৫ হাজাৰ অনুকম্পামূলক পদ বিলুপ্ত কৰাৰ লগতে অনুকম্পামূলক নিযুক্তি বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল যদিও গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰক পুনৰ অনুকম্পামূলক নিযুক্তিৰ নিৰ্দেশ প্ৰদান কৰিছে। এক শুনানিৰ জৰিয়তে এই গুৰুত্বপূৰ্ণ নিৰ্দেশ প্ৰদান কৰিছে ন্যায়ালয়ে।
উল্লেখ্য যে, অনুকম্পামূলক নিযুক্তিৰ সন্দৰ্ভক গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল হোৱা ৫৬ চা গোচৰৰ ভিত্তিত ন্যায়ালয়ে নিৰ্দেশ প্ৰদান কৰি ২০১৭ চনৰ পূৰ্বে মৃত্যু হোৱা কৰ্মচাৰীৰ সন্তান তথা আত্মীয়ৰ যোগ্যতাৰ ভিত্তিত অনুকম্পামূলক নিযুক্তিৰ আবেদন বিবেচনাৰ নিৰ্দেশ দিছে। স্মৰ্তব্য বিগত বছৰৰ ১৮ ছেপ্টেম্বৰত অসম চৰকাৰৰ পাৰ্ছনেল বিভাগে এখন অফিচ মেম'ৰেণ্ডাম জাৰি কৰি অনুকম্পামূলক নিযুক্তি চিৰ দিনলৈ বন্ধ কৰিছিল।
ইয়াৰ ফলতে অনুকম্পামূলক নিযুক্তিৰ বাবে আবেদন কৰিও বিফল হৈছিল বহু আবেদনকাৰী। ফলত ইয়াৰ বিৰুদ্ধে গুৱাহাটী উচ্চন্যায়ালয়ত দাখিল হয় ৫৬ খনকৈ আবেদন। এই গোচৰতে ন্যায়ালয়ে অসম চৰকাৰক পুনৰ অনুকম্পামূলক নিযুক্তি প্ৰদানৰ নিৰ্দেশ দিছে।
এই সন্দৰ্ভত গোচৰীয় পক্ষৰ অধিবক্তা নুৰ হুছেইনে কয়, "দীঘলীয়া শুনানিৰ অন্তত ৰাজ্য চৰকাৰে অফিচ মেম’ৰেণ্ডামখনক প্ৰযোজ্য নকৰাকৈ আবেদনকাৰীৰ অনুকম্পামূলক নিযুক্তিৰ পুনঃবিবেচনা কৰিবলৈ সন্মত হয় । মহাধিবক্তাৰ প্ৰস্তাৱৰ ভিত্তিত অৱশেষত উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মাইকেল জোথানখুমাৰ বিচাৰপীঠে ২০১৭ চনৰ পূৰ্বে মৃত্যু হোৱা কৰ্মচাৰীৰ সন্তান তথা আত্মীয়ৰ যোগ্যতাৰ ভিত্তিত অনুকম্পামূলক নিযুক্তিৰ আবেদন বিবেচনাৰ নিৰ্দেশ দিয়ে।"
উল্লেখ্য যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পূৰ্বে বিত্ত বিভাগৰ দায়িত্বত থকাৰ সময়ত ২০১৭ চনৰ ১ এপ্ৰিলৰ পাছত মৃত্যু হোৱা চৰকাৰী কৰ্মচাৰীৰ আত্মীয়ৰ বাবে কৰ্মচাৰীজনৰ অৱসৰ পৰ্যন্ত সম্পূৰ্ণ দৰমহাকে ফেমিলী পেন্সন হিচাপে প্ৰদানৰ আঁচনি ঘোষণা কৰিছিল। ইয়াৰ বিপৰীতে ২০১৭ চনৰ ১ এপ্ৰিলৰ আগতে মৃত্যু হোৱা কৰ্মচাৰীৰ পৰিয়ালৰ বাবে অনুকম্পামূলক নিযুক্তি বাহাল ৰাখিছিল ।
মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পাছতেই ড০ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল সম্বোধন কৰি মন্ত্ৰীসকলক অনুকম্পামূলক আবেদন বিবেচনাৰ কৰ্তৃত্ব দি তাৎক্ষণিকভাৱে সকলো নিযুক্তি প্ৰদানৰ নিৰ্দেশ দিছিল। কিন্তু উচ্চতম ন্যায়ালয়ৰ পশ্চিমবংগৰ এটা গোচৰৰ ৰায়ৰ দোহাই দি শেহতীয়াকৈ অসম চৰকাৰে অফিচ মেম’ৰেণ্ডামযোগে অনুকম্পামূলক ২২ হাজাৰ পদ বিলুপ্তি কৰিছিল।