/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-03/ep6cfbww/lotary-3.jpg)
ৰাজ্যত সম্পূৰ্ণৰূপে নিষিদ্ধ লটাৰীঃ সকলো আয়োজকৰ বিৰুদ্ধে ল'ব লাগিব কঠোৰ ব্যৱস্থা...
ডিজিটেল ডেস্কঃ ৰাজ্যত লটাৰীৰ নামত চলি আছে এখন বৃহৎ প্ৰৱঞ্চনাৰ বজাৰ। ইতিমধ্যে এই প্ৰৱঞ্চনাৰ বিৰুদ্ধে বহুতেই মুখ খুলিছে যদিও ৰাজ্যৰ আৰক্ষী প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। ফলত বিষয়টোত হস্তক্ষেপ কৰিবলৈ বাধ্য হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়ে।
উচ্চ ন্যায়ালয়ে এক নিৰ্দেশনাৰ জৰিয়তে সমগ্ৰ ৰাজ্যত সকলোধৰণৰ লটাৰী প্ৰতিযোগিতা নিষিদ্ধ ঘোষণা কৰিলে। তাৰোপৰি এটা সপ্তাহৰ ভিতৰতে সকলো লটাৰী প্ৰতিযোগিতাৰ আয়োজকৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণৰো নিৰ্দেশ দিছে।
এই সন্দৰ্ভত ৰাজ্যৰ প্ৰতিখন জিলাৰ আয়ুক্ত আৰু আৰক্ষী অধীক্ষকলৈ কঠোৰ নিৰ্দেশ প্ৰদান কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যয়াধীশগৰাকীয়ে। উল্লেখ্য যে, ৰাজহুৱা স্বাৰ্থ জড়িত এখন আবেদনৰ শুনানি গ্ৰহণ কৰি ন্যায়ালয়ে এই কঠোৰ নিৰ্দেশ প্ৰদান কৰিছে।
এই নিৰ্দেশনাৰ জৰিয়তে কোনো কাৰণতে যাতে ৰাজ্যত অনলাইন অথবা অফলাইন লটাৰী খেল অনুষ্ঠিত নহয় তাৰ ব্যৱস্থা গ্ৰহণৰো নিৰ্দেশ দিছে। মন কৰিবলগীয়া যে, শেহতীয়াকৈ ৰাজ্যৰ প্ৰায় প্ৰতিখন জিলাতে বিভিন্ন অনুষ্ঠান, প্ৰতিষ্ঠানৰ নামত লটাৰী প্ৰতিযোগিতা চলি আহিছে। এইসমূহৰ প্ৰচাৰত নামি পৰিছে একাংশ ইউটিউবাৰ, ডিজিটেল কনটেণ্ট ক্ৰিয়েটৰ।
এই লটাৰী প্ৰতিযোগিতাৰ জৰিয়তে একাংশই প্ৰৱঞ্চনাৰ বৃহৎ জাল মেলিছে। বহুতেই প্ৰতিযোগিতাখন অনুষ্ঠিত কৰিও পুৰস্কাৰ নিদিয়া, পুৰস্কাৰৰ বিপৰীতে নামমাত্ৰ ধন আদায় দিয়া, ফলাফল বিসংগতি কৰা আদি অনেক অভিযোগ কৰিছে।
ৰাজ্যৰ কেইবাখনো জিলাত এনে লটাৰী প্ৰতিযোগিতাৰ বিৰুদ্ধে এজাহাৰো দাখিল হৈছে। কিছু দিন পূৰ্বে শোণিতপুৰ জিলাত তেনে বিসংগতিপূৰ্ণ লটাৰী খেলৰ বিৰুদ্ধে ব্যাপক চৰ্চা হোৱাৰ সমান্তৰালকৈ আৰক্ষী থানাত ৰাজহুৱা গোচৰ তৰা হৈছিল। কিন্তু তাৰ পাছতো আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে।
একেই অৱস্থা আন আন জিলাতো। অভিযোগ অনুসৰি একাংশ লটাৰী কমিটীয়ে ৰাজ্যৰ বিভিন্ন অঞ্চলৰ একাংশ লোকক মেনেজ কৰি তেওঁলোকে দামী গাড়ী পুৰস্কাৰ পোৱা দেখুৱাই। তাৰ বিনিময়ত তেওঁলোকে নামমাত্ৰ ধন লাভ কৰে। এইদৰেও চলি আছে শ শ কোটি টকাৰ প্ৰৱঞ্চনাৰ জাল।
এনে বিসংগতিপূৰ্ণ অধিকাংশ লটাৰী প্ৰতিযোগিতাৰ আঁৰত এক শক্তিশালী চক্ৰও জড়িত হৈ থকাৰ কথাও চৰ্চালৈ আহিছে। চৰ্চা অনুসৰি এই শক্তিশালী চক্ৰৰ সৈতে জড়িত হৈ আছে ৰাজনৈতিক ক্ষমতাৰে বলিয়ান একাংশ পালিনেতা, অধিবক্তা, শীৰ্ষ বিষয়াৰ ঘনিষ্ঠও। এই শক্তিশালী চক্ৰই আৰক্ষী প্ৰশাসনক মেনজ কৰি মুক্তভাৱে লটাৰীৰ নামত প্ৰৱঞ্চনাৰ জালখন মেলি আহিছে।
Also Read: দিল্লীত দেশৰ ভিতৰতে সৰ্বাধিক ৭০০০ কোটিৰ ৫০০ কেজি নিষিদ্ধ দ্ৰব্য জব্দ...