/asomiyapratidin/media/media_files/2024/11/16/i505zNHba28a1jrWiCS5.jpg)
ডিজিটেল ডেস্কঃ জিংকী মিলিৰ অগ্ৰিম জামিন আবেদন নাকচ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। বিশাল, চুমি অনলাইন ট্ৰেডিং গোচৰত নাম সাঙোৰ খাইছিল জিংকী মিলিৰ। চুমি বৰাৰ জ্যেষ্ঠ ভাতৃ ৰাজীৱ বৰাৰ পত্নী জিংকী।
বিশাল ফুকনৰ পাৰ্চেলিয়া নামৰ ঔষধ প্ৰতিষ্ঠানটোৰ অন্যতম সঞ্চালক আছিল জিংকী। অনলাইন ট্ৰেডিং কেলেংকাৰীৰ গোচৰ অসম আৰক্ষীয়ে চি বি আইলৈ হস্তান্তৰ কৰাৰ পাছত তদন্তৰ আওঁতাত সোমাই পৰিছিল জিংকী।
তেওঁৰ বেংক একাউণ্টাত ১০ লাখ চকাৰ লেনদেনৰ তথ্য লাভ কৰিছে চি বি আইৰ অনুসন্ধানকাৰী দলে। সেই সময়ত অগ্ৰিম জামিনত থকাৰ বাবে জিংকীক গ্ৰেপ্তাৰ কৰিব পৰা নাছিল চি আই ডিয়ে।
উল্লেখ্য যে, অসম আৰক্ষীয়ে ট্ৰেডিং কেলেংকাৰীৰ মুঠ ৪১ টা গোচৰ ইতিমধ্যে চি বি আইলৈ হস্তান্তৰ কৰিছে। চি বি আইয়ে এই গোচৰসমূহত চুমি বৰা, বিশাল ফুকন, তাৰ্কিক বৰাকে ধৰি মুঠ ১৮ জনক গ্ৰেপ্তাৰ কৰিছে। এতিয়ালৈকে এই গোচৰসমূহৰ তদন্ত কৰি চি বি আইয়ে ৰাজ্যৰ মুঠ ৯২ টা স্থানত তালাচী চলাইছে।