গুৱাহাটী বিশ্ববিদ্যালয়স্থিত ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ প্ৰতিমূৰ্তিৰ সন্মুখত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান...,

গুৱাহাটী বিশ্ববিদ্যালয়স্থিত ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ প্ৰতিমূৰ্তিৰ সন্মুখত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান...,
গুৱাহাটী বিশ্ববিদ্যালয়স্থিত ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ প্ৰতিমূৰ্তিৰ সন্মুখত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান...,

ডিজিটেল ডেস্কঃ ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ ১৮৮ সংখ্যক জন্ম দিৱস উপলক্ষে আজি গুৱাহাটী বিশ্ববিদ্যালয়স্থিত ভাষাৰ ওজাগৰাকীৰ পূৰ্ণাংগ প্ৰতিমূৰ্তিৰ সন্মুখত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান অনুষ্ঠিত হৈ যায়। গুৱাহাটী বিশ্ববিদ্যালয়ৰ গণ সংযোগ আৰু সাংবাদিকতা বিভাগৰ সহযোগত অনুষ্ঠিত এই অনুষ্ঠানত হেমচন্দ্ৰ বৰুৱাৰ প্ৰতিমূৰ্তিৰ সন্মুখত মাল্যাৰ্পণ কৰাৰ লগতে বন্তি প্ৰজ্বলন কৰা হয়।

Graphics

গুৱাহাটী বিশ্ববিদ্যালয়ৰ গণ সংযোগ আৰু সাংবাদিকতা বিভাগৰ মুৰব্বী অধ্যাপক চন্দন গোস্বামীয়ে আঁত ধৰা এই অনুষ্ঠানত প্ৰতিদিন টাইমৰ পৰিচালন সঞ্চালিকা স্মিতাক্ষী বি গোস্বামী, অসমীয়া প্ৰতিদিনৰ কাৰ্যবাহী সম্পাদক ধৈৰ্য হাজৰিকা, ইলোৰা বিজ্ঞান মঞ্চৰ সভাপতি ড০ কালিপ্ৰসাদ শৰ্মা, গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ উপাধ্যক্ষ তথা ইলোৰা বিজ্ঞান মঞ্চৰ কাৰ্যকৰী সভাপতি ডাঃ জয়দেৱ শৰ্মা, কটন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন মুৰব্বী অধ্যাপক ড০ পৱন চহৰীয়া, সাধাৰণ সম্পাদক কমলেশ গুপ্ত, গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নেতৃত্ব, বিশ্ববিদ্যালয়খনৰ আৱাসীক শিক্ষাৰ্থী আদি উপস্থিত থাকে।

অনুষ্ঠানত নিজৰ চমু ভাষণত অসমীয়া প্ৰতিদিনৰ কাৰ্যবাহী সম্পাদক ধৈৰ্য হাজৰিকাই কয়, হেমচন্দ্ৰ বৰুৱাই ''য'ৰ পৰা আৰম্ভ কৰিছিল, তাৰ পৰা আমি বহুদূৰ আগুৱাই আহিলো। এটা শতিকা পাৰহৈ অহাৰ পিছতো আমি ইমান সংকটৰ মাজত আছোঁ যে, এখন স্বাধীন চৰকাৰৰ আমোলত থকাৰ পাছতো আমাৰ ভাষাটোৰ কি অৱস্থা হৈছে সেয়া বহলাই কোৱাৰ প্ৰয়োজন নাই।

তেওঁ পুনৰ কয়, ''একেসময়তে উগ্ৰ সাম্প্ৰদায়িক চিন্তা চৰ্চা, উগ্ৰ গোষ্ঠীগত চিন্তা চৰ্চা, পুনৰুত্থানবাদী চিন্তা চৰ্চাই আকৌ সমাজখন এনে ধৰণে গ্ৰাস কৰি পেলাইছে, য'ত আমি আকৌ এবাৰ হেমচন্দ্ৰ বৰুৱাই দেখুৱাই দিয়া পথেৰে যোৱাৰ বাহিৰে আমাৰ গত্যন্তৰ নাই।

Graphics

আনহাতে প্ৰতিদিন টাইমৰ পৰিচালন সঞ্চালিকা তথা হেমচন্দ্ৰ বৰুৱাৰ আজু নাতি স্মিতাক্ষী বি গোস্বামীয়ে কয়, ''মোৰ আজু ককা হেমচন্দ্ৰ বৰুৱাই ভাষাৰ সংকটৰ সময়ত হেমকোষ আৰু অসমীয়া ব্যাকৰণ ৰচনা কৰি অসমীয়া ভাষাটোক এক নতুন মাত্ৰাৰ লগতে সঞ্জিৱনী সুধা প্ৰদান কৰিলে। আজিৰ এই ওপজা দিনটোত তেওঁক শ্ৰদ্ধাৰে স্মৰণ কৰিছো।

ইফালে অনুষ্ঠানত অংশগ্ৰহণ কৰি ইলোৰা বিজ্ঞান মঞ্চৰ সভাপতি ড০ কালিপ্ৰসাদ শৰ্মাই কয়, হেমচন্দ্ৰ বৰুৱাই বিজ্ঞান মনস্কতাৰে অন্ধ বিশ্বাসৰ বিৰুদ্ধে যুঁজ দিছিল। একেদৰে ইলোৰা বিজ্ঞান মঞ্চৰ আন এগৰাকী বিষয়ববীয়া ইস্ফাকুৰ ৰহমানে কয়, ভাষাৰ ওজা জনক আমি স্মৰণ কৰোঁ যদিও অন্ধ বিশ্বাস, কু সংস্কাৰৰ বিৰুদ্ধে যুঁজ দিয়া হেমচন্দ্ৰ বৰুৱাজনক আমি পাহৰি থাকোঁ। তেওঁ হেমচন্দ্ৰ বৰুৱাই কিদৰে অন্ধ বিশ্বাস, কুসংস্কাৰৰ বিৰুদ্ধে তাহানিতেই মাত মাতিছিল সেই বিষয়ে উল্লেখ কৰে।

Graphics

এই অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ উপ-সভাপতিগৰাকীৰ লগতে বিশ্ববিদ্যালয়খনৰ শিক্ষাৰ্থীয়েও ভাষাৰ ওজা গৰাকীলৈ শ্ৰদ্ধাৰ অৰ্ঘ অৰ্পণ কৰে।

Graphics
গুৱাহাটী বিশ্ববিদ্যালয়স্থিত ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ প্ৰতিমূৰ্তিৰ সন্মুখত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান...,
আজি উন্মোচন হ'ব হেমকোষৰ পঞ্চদশ সংস্কৰণ আৰু প্ৰথমখন অসমীয়া ব্যাকৰণৰ ব্ৰেইল সংস্কৰণ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in