গুৱাহাটীৰ শিক্ষানুষ্ঠানত পেলুৰ ঔষধ খাই অসুস্থ ২৫ শিক্ষাৰ্থী...

গুৱাহাটীৰ শিক্ষানুষ্ঠানত পেলুৰ ঔষধ খাই অসুস্থ ২৫ শিক্ষাৰ্থী...

author-image
Asomiya Pratidin
New Update
গুৱাহাটীৰ শিক্ষানুষ্ঠানত পেলুৰ ঔষধ খাই অসুস্থ ২৫ শিক্ষাৰ্থী...

গুৱাহাটীৰ শিক্ষানুষ্ঠানত পেলুৰ ঔষধ খাই অসুস্থ ২৫ শিক্ষাৰ্থী...

ডিজিটেল ডেস্কঃ গুৱাহাটীৰ এখন শিক্ষানুষ্ঠানত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। পেলুৰ ঔষধ খাই অসুস্থ হৈ পৰিছে ২৫ টাকৈ শিশু। গুৱাহাটীৰ গণেশ মন্দিৰ উচ্চ মাধ্যমিক বিদ্যালয়ত সংঘটিত হৈছে এই অঘটন।

Advertisment

জানিব পৰা মতে আজি বিদ্যালয়খনত বিদ্যালয় কৰ্তৃপক্ষই শিক্ষাৰ্থীসকলক খোৱাইছিল পেলুৰ ঔষধ। এই ঔষধ খোৱাৰ পিছতে বিদ্যালয়খনৰ প্ৰায় ২৫ টাকৈ শিশু অসুস্থ হৈ পৰে।

অসুস্থ হোৱা শিশু কেইটাৰ একাংশ ইমানেই অসুস্থ হৈ পৰিছে যে, তেওঁলোকক অক্সিজেন দিবলগীয়া হৈছে। ফলত অভিভাৱকৰ মাজত সৃষ্টি হৈছে আতংকময় পৰিস্থিতি।

ইফালে এই ঘটনাক লৈ উত্তপ্ত হৈ পৰিছে বিদ্যালয়ৰ চৌহদ। শিক্ষাৰ্থীসকলৰ অভিভাৱকসকলে বিদ্যালয়খনৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে। অসুস্থ শিক্ষাৰ্থীসকলক ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত। চিকিৎসালয়ত আছে বিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষা ত্ৰিদীপা বৰুৱা।

আনহাতে অসুস্থ অৱস্থাতে বিদ্যালয়ত শিক্ষাৰ্থীসকলক এৰি একাংশ শিক্ষয়ত্ৰীয়ে বিদ্যালয় এৰি যোৱাৰ অভিযোগ উত্থাপন হৈছে। অৱশ্যে আশাৰ খবৰ এয়াই যে, এনে পৰিস্থিতিৰ মাজতে লাহে লাহে সুস্থ হৈছে একাংশ অসুস্থ শিক্ষাৰ্থী।

Also Read: মৃতদেহ সংৰক্ষণ কৰা ফৰ্মেলিন চালানী মাছত ব্যৱহাৰ ! সেই মাছ খাই ২০০ লোক অসুস্থ...

গণেশ মন্দিৰ উচ্চ মাধ্যমিক বিদ্যালয়