ছয়দুৱাৰ ব্লক কংগ্ৰেছৰ উদ্যোগত শ্বহীদ দিৱস পালন

ছয়দুৱাৰ ব্লক কংগ্ৰেছৰ উদ্যোগত শ্বহীদ দিৱস পালন

ডিজিটেল সংবাদ,গহপুৰ : আজি শ্বহীদ দিৱস। ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনত বৃটিছৰ গুলি বুকুপাতি লৈ শ্বহীদ হৈছিল ষোড়শী গাভৰু বীৰাংগনা কনকলতা বৰুৱা তথা মুকুন্দ কাকতিয়ে।

সেয়ে আজিৰ এই দিনটোত গহপুৰ বৰঙাবাৰীস্থিত শ্বহীদ কনকলতা বৰুৱাৰ জন্মগৃহ শ্বহীদ কনকলতা কুটীৰত শ্বহীদ‌ দিৱস পালন কৰা হৈছে। কনকলতা বৰুৱাৰ প্ৰতিচ্ছবিত ধূপ-চাকি জ্বলাই পুস্পাঞ্জলি অৰ্পন কৰি শ্বহীদগৰাকীক সশ্ৰদ্ধ সোঁৱৰণ কৰিছে পৰিয়ালৰ লগতে গহপুৰবাসীয়ে।

উল্লেখ্য যে,পুৱ ছয়দুৱাৰ আৰু ছয়দুৱাৰ ব্লক কংগ্ৰেছৰ উদ্যোগত পালন কৰা হৈছে শ্বহীদ দিৱস। গহপুৰ নগৰস্থিত শ্বহীদ কনকলতা বৰুৱা - মুকুন্দ কাকতিৰ যুগল প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন পুষ্পাঞ্জলী অৰ্পন কৰাৰ লগতে দুয়োগৰকী শ্বহীদৰ সমাধিক্ষেত্ৰত উপস্থিত হৈ শ্বহীদ দিৱসৰ কাৰ্য্যসূচী ৰূপায়ন কৰে।

ছয়দুৱাৰ ব্লক কংগ্ৰেছৰ উদ্যোগত শ্বহীদ দিৱস পালন
জামুগুৰিহাটত তৃতীয়-চতুৰ্থ বৰ্গৰ অস্থায়ী কৰ্মচাৰীৰ বিশেষ সভা

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in