Advertisment

গুৱাহাটী ফুড এৱাৰ্ড ২০২৪ৰ বাবে ভোটিং লাইন মুকলি...

গুৱাহাটী ফুড এৱাৰ্ড ২০২৪ৰ বাবে ভোটিং লাইন মুকলি কৰা হৈছে,  ইংৰাজী সাপ্তাহিক কাকত তথা প্রিমিয়াৰ ডিজিটেল পর্টেল GPlus য়ে, গুৱাহাটী ফুড এৱাৰ্ডৰ দশম সংস্কৰণৰ উন্মোচন কৰিবলৈ সাজু হৈছে।

author-image
Asomiya Pratidin
New Update
g plus

ডিজিটেল ডেস্কঃ  গুৱাহাটী ফুড এৱাৰ্ড ২০২৪ৰ বাবে ভোটিং লাইন মুকলি কৰা হৈছে,  ইংৰাজী সাপ্তাহিক কাকত তথা প্রিমিয়াৰ ডিজিটেল পর্টেল GPlus য়ে, গুৱাহাটী ফুড এৱাৰ্ডৰ দশম সংস্কৰণৰ উন্মোচন কৰিবলৈ সাজু হৈছে।

Advertisment

২০২৪ চনৰ ২২ ডিচেম্বৰত গুৱাহাটীৰ ভিভান্টাত অনুষ্ঠিত হ'বলগীয়া এই অনুষ্ঠানটোৱে গুৱাহাটীৰ উন্নতমানৰ খাদ্য সংস্কৃতিৰ এক উদযাপন, প্রতিষ্ঠিত ৰেষ্টুৰেণ্ট আৰু উদীয়মান খাদ্য উদ্যোগ দুয়োকে জনসাধাৰণৰ আগত নিজৰ দক্ষতা প্ৰদৰ্শনৰ বাবে এক মঞ্চ প্রদান কৰে।

গুৱাহাটীত বিভিন্ন ধৰণৰ খাদ্য প্ৰতিভাক উদযাপনৰ মূল চাবিকাঠি হ'ল ৰাজহুৱা ভোটদান। চহৰৰ বিভিন্ন প্ৰান্তৰ পৰা খাদ্য অনুৰাগীসকলক ফাইন ডাইনিং আৰু স্ট্রীট ফুডৰ পৰা আৰম্ভ কৰি বেকাৰী আৰু কেফেলৈকে সকলোৰে কলাক উদযাপন কৰি বিভিন্ন বঁটা শাখাত নিজৰ প্রিয় ৰেষ্টুৰেণ্টসমূহক ভোটদান কৰিবলৈ আমন্ত্রণ জনোৱা হৈছে।

ভোটাৰসকলে দ্রুত আৰু সহজ উপায়েৰে ভোটদান কৰিব পাৰে: ৱেবছাইট: www.guwahatifoodawards.com মোবাইল এপ: GPlus এপ (গুগল প্লে ষ্ট'ৰ আৰু এপল এপ ষ্ট'ৰত বিনামূলীয়াকৈ উপলব্ধ) ২৫ নৱেম্বৰ ২০২৪ ৰ পৰা ৯ ডিচেম্বৰ ২০২৪ লৈকে ভোটিং লাইন খোলা থাকিব।
এইবাৰ গুৱাহাটী ফুড এৱাৰ্ডত ৩৫টাতকৈও অধিক শাখাত ২০০+ মনোনয়ন লাভ কৰা হৈছে যিয়ে সমগ্ৰ চহৰৰ ৬৫+ উদ্যোগক প্রতিনিধিত্ব কৰে।

GPlus ৰ পৰিচালন সঞ্চালক তথা প্রকাশক সুনীত জৈনে কয়, "এই বছৰ গুৱাহাটীৰ খাদ্যখণ্ডত যথেষ্ট বিভিন্নতা দেখা গৈছে বহুতো নতুন আৰু ৰোমাঞ্চকৰ খাদ্যৰ বিকল্প অন্তর্ভুক্ত হৈছে। ইয়াত স্থানীয় ব্যৱসায় আৰু ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ব্ৰেণ্ডসমূহে লাভৱান হোৱা দেখিবলৈ পাই ভাল লাগিল।

এই বৃদ্ধিৰ উদযাপন আৰু মহানগৰীৰ বৈচিত্রময় খাদ্য সংস্কৃতিৰ আঁৰৰ প্ৰতিভাৱান লোকসকলক স্বীকৃতি দিয়াৰ প্ৰয়াস হৈছে গুৱাহাটী ফুড এৱাৰ্ড।" ৰাজহুৱা ভোটে প্ৰতিটো শিতানৰ পৰা ৰেষ্টুৰেণ্ট বাছি লোৱা হ'ব, তাৰ পিছত সন্মানীয় জুৰী সদস্যৰ পেনেলে বিশেষজ্ঞ মূল্যায়ন কৰিব যিয়ে গুণগত মান, সেৱা, উদ্ভাৱন আৰু আন আন বিষয় ভিত্তিত মনোনীতসকলক মূল্যায়ন কৰিব। গালা এৱাৰ্ড নাইটত সৰ্বাধিক নম্বৰ পোৱা ৰেষ্টুৰেণ্টসমূহক পুৰষ্কাৰ প্ৰদান কৰা হ'ব।

গালা এৱাৰ্ডৰ উপৰিও গুৱাহাটী ফুড এৱাৰ্ডছ ২০২৪ত দ্য গ্রেট গুৱাহাটী বেক অফৰ দৰে ৰোমাঞ্চকৰ প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ লগতে ২০২৪ চনৰ ১০ ডিচেম্বৰত হোটেল পেলাচিঅ'ত হোম চেফ অৱ দ্য ইয়েৰ ২০২৪ৰ আয়োজন কৰা হব। প্ৰতিখন প্রতিযোগিতাৰ চূড়ান্ত প্রতিযোগীসকলক ২২ ডিচেম্বৰত অনুষ্ঠিত হ'বলগীয়া সন্মানীয় গালা এৱাৰ্ড নাইটলৈ আমন্ত্রণ জনোৱা হ'ব, য'ত চূড়ান্ত বিজয়ীসকলৰ নাম ঘোষণা কৰা হ'ব।

গুৱাহাটী ফুড এৱাৰ্ডছ ২০২৪ৰ আয়োজন কৰা হৈছে এলাইড ব্লেণ্ডাৰ্ছ এণ্ড ডিষ্টিলাৰ্ছ লিমিটেড, অসমীয়া প্ৰতিদিনৰ, আৰু মেজিক কুক, পূৰবী ডেইৰী, প্ৰতিদিন টাইম, ষ্টাৰলিং ৰিজার্ভ, বিভান্তা গুৱাহাটী আৰু আউটৰিচ এডভাটাইজিঙৰ সহযোগত গুৱাহাটী ফুড এৱাৰ্ডছ ২০২৪ৰ আয়োজন কৰা হৈছে।

গুৱাহাটী