GNRC গুড হেলথ হাস্পতালৰ উদ্যোগত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ

জি এন আৰ চি গুড হেলথ হাস্পতালৰ উদ্যোগত আজি গুৱাহাটীৰ হেঙেৰাবাৰীস্থিত জি এন আৰ চি মেডিশ্বপত এক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰৰ আয়োজন কৰা হয়। উক্ত স্বাস্থ্য শিবিৰত ১২৫ গৰাকীতকৈয়ো অধিক ব্যক্তিৰ স্বাস্থ্য পৰীক্ষা কৰা হয়।

author-image
Asomiya Pratidin
New Update
জি এন আৰ চি

GNRC গুড হেলথ হাস্পতালৰ উদ্যোগত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ

ডিজিটেল ডেস্কঃ জি এন আৰ চি গুড হেলথ হাস্পতালৰ উদ্যোগত আজি গুৱাহাটীৰ হেঙেৰাবাৰীস্থিত জি এন আৰ চি মেডিশ্বপত এক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰৰ আয়োজন কৰা হয়। উক্ত স্বাস্থ্য শিবিৰত ১২৫ গৰাকীতকৈয়ো অধিক ব্যক্তিৰ স্বাস্থ্য পৰীক্ষা কৰা হয়।

Advertisment

জি এন আৰ চি

এই শিবিৰত ব্যক্তিসকলৰ স্বাস্থ্য পৰীক্ষা কৰে জি এন আৰ চি গুড হেলথ হাস্পতালৰ স্নায়ু ৰোগ বিশেষজ্ঞ ডাঃ অপৰাজিতা বৰ্মন আৰু মেডিচিন বিভাগৰ ডাঃ সুস্মিতা দেৱে।

জি এন আৰ চি

শিবিৰত স্বাস্থ্য পৰীক্ষা কৰোৱা লোকসকলৰ বিনামূলীয়াকৈ তেজৰ শৰ্কৰা, ৰক্তচাপ আৰু ইচিজি পৰীক্ষা কৰাৰ লগতে ৰোগ অনুসৰি খাদ্যৰ তালিকা এখনো আগবঢ়োৱা হয় বুলি এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে জনাইছে জি এন আৰ চি হাস্পতালৰ জনসম্পৰ্কৰক্ষী মানণি গোস্বামীয়ে।  

স্বাস্থ্য GNRC Hospital