বেলতলা জ্যেষ্ঠ নাগৰিক চ'ৰাৰ প্ৰতিষ্ঠা দিৱস

বেলতলা জ্যেষ্ঠ নাগৰিক চ'ৰাৰ প্ৰতিষ্ঠা দিৱস

ডিজিটেল সংবাদ, গুৱাহাটীঃ বেলতলা জ্যেষ্ঠ নাগৰিক চ'ৰাৰ সপ্তদশ প্ৰতিষ্ঠা দিৱস। অহা ১১ ফেব্ৰুৱাৰীত দিনযোৰা কাৰ্যসূচীৰে বেলতলাস্থিত অসম ৰাজ্যিক সমাজ কল্যাণ পৰিষদৰ অমলপ্ৰভা ভৱনত অনুষ্ঠিত হ'ব বুলি চৰাৰ সাধাৰণ সম্পাদক প্ৰসন্ন কুমাৰ বৰঠাকুৰে এক বিবৃতিযোগে জনাইছে।

দিনৰ ১১ বজাত হ'ব লগা মুকলি সভালৈ মুখ্য অতিথি হিচাপে খ্যাতিমান শিক্ষাবিদ তথা বিশিষ্ট সাহিত্যিক ড০ অমৰজ্যোতি চৌধুৰী আৰু নিৰ্দিষ্ট বক্তা হিচাপে জ্যেষ্ঠ নাগৰিক কল্যান পৰিষদৰ অধ্যক্ষ ড০ প্ৰদীপ ঠাকুৰীয়াক আমন্ত্ৰণ জনোৱা হৈছে। চৰাৰ মূখপত্ৰ "বিদ্বৎপ্ৰভা"উন্মোচন কৰিব প্ৰবীণ সাংবাদিক জ্যেষ্ঠ নাগৰিক ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তীয়ে।

সভাত জ্যেষ্ঠ নাগৰিক সন্মিলনৰ পক্ষৰ পৰা দিব লগা আজীৱন সদস্যৰ প্ৰমাণ পত্ৰ পোনপ্ৰথম বাৰৰ বাবে মুকলি কৰিব জ্যেষ্ঠ নাগৰিক সন্মিলন অসমৰ কাৰ্যকৰী সভাপতি বানেশ্বৰ খাউন্দে। সদস্যসকলক যথা সময়ত সভাত উপস্থিত থকাৰ বাবে সম্পাদক প্ৰসন্ন কুমাৰ বৰঠাকুৰে আহ্বান জনাইছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in