/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/07/dangor-khobr-7.jpg)
কয়লা পৰিবাহী ট্ৰাক ভস্মীভূত...
ডিজিটেল ডেস্কঃ নিশা মহানগৰীত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড। এখন কয়লা পৰিবাহী ট্ৰাক ভস্মীভূত হয় পথৰ মাজতে।
খানাপাৰত সংঘটিত হোৱা এই ঘটনাত কোনো লোক হতাহতি হোৱা নাই যদিও কয়লা পৰিবাহী ট্ৰাকখনৰ বিস্তৰ ক্ষতি হয়।
উল্লেখ্য যে, মহানগৰীৰ খানাপাৰাৰ গণেশ মন্দিৰৰ সমীপত সংঘটিত হৈছে এই ঘটনা। কয়লা পৰিবাহী ট্ৰাকখন মেঘালয়ৰ পৰা আহিছিল। অগ্নিকাণ্ড সংঘটিত হোৱাৰ পাছতে অগ্নি নিৰ্বাপক বাহিনীৰ তৎপৰতাত জুই নিৰ্বাপিত কৰা হয়।
জানিব পৰা মতে ট্ৰাকখনৰ যান্ত্ৰিক বিজুতিৰ বাবেই এই অগ্নিকাণ্ড সংঘটিত হয়।
Also Read: মলিন বৰা মেম'ৰিয়েল সঙ্গীত সাধনালয়ৰ ১৯ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন