/asomiyapratidin/media/media_files/2025/04/30/UTxfKsX1RuDwqxyns6ce.jpg)
ডিজিটেল ডেস্কঃ গুৱাহাটী মহানগৰীৰৰ নাৰেঙ্গীস্থিত অইল ইণ্ডিয়াৰ পাইপ লাইনৰ কাৰ্য্যালয়ত আজি সংঘটিত হয় এক অগ্নিকাণ্ড। ফলত জুইৰ ক’লা ধোঁৱাই চানি ধৰে সমগ্ৰ অঞ্চলটো।
জানিব পৰা মতে নাৰেঙ্গীৰ অইল ইণ্ডিয়াৰ চৌহৰ ভিতৰত নিৰ্মাণ কৰা থকা এটা বিল্ডিং। এই বিল্ডিঙৰ সমীপতে অইলৰ পাইপলাইনত সংঘটিত হয় অগ্নিকাণ্ড।
অৱশ্যে কিয় এই অগ্নিকাণ্ড সংঘটিত হ’ল সেই বিষয়ে জানিব পৰা হোৱা নাই। অগ্নিকাণ্ডৰ পাছতে ঘটনাস্থলীত কেইবাখনো অগ্নি নিৰ্বাপক বাহিনীৰ বাহন উপস্থিত হৈ তৎপৰতাৰে অগ্নি নিৰ্বাপন কৰে।
ফলত সৌভাগ্যক্ৰমে ৰক্ষা পৰে অঞ্চলবাসী। জানিব পৰা মতে বৰ্তমান সম্পূৰ্ণৰূপে নিৰ্বাপিত হৈছে এই জুই। অৱশ্যে এতিয়ালৈকে ক্ষয়-ক্ষতিৰ পৰিমাণ সম্পৰ্কে জানিব পৰা হোৱা নাই।
/asomiyapratidin/media/agency_attachments/2025/10/29/2025-10-29t133617762z-ap-new-dfdfbdfbgfdgfgfgfgf-2025-10-29-19-06-18.png)
Follow Us