/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/c436eb8d-0c34-480c-a457-d5803a84d402/kamrup_13.jpg)
কামৰূপ জিলা কৃষি বিভাগৰ কৃষক প্ৰশিক্ষণ শিবিৰ আৰু মেলাৰ আয়োজন...
ডিজিটেল সংবাদ গুৱাহাটীঃ কামৰূপ জিলা কৃষি বিভাগৰ সহযোগত আজি গুৱাহাটীৰ বৰদুৱাৰ আৰু হাজোৰ গেৰুৱা কৃষি উন্নয়ন খণ্ডত একোখনকৈ কৃষক প্ৰশিক্ষণ তথা মেলাৰ আয়োজন কৰা হয়। উক্ত কৃষক মেলাত মাটিৰ পৰীক্ষণ, ধান ক্ৰয়, প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা, প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিকে আদি কৰি কৃষি বিভাগৰ বিভিন্ন আচঁনিৰ বিপনীৰ জৰিয়তে কৃষকৰ মাজত সজাগতা সৃষ্টি কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/87f9542e-ed07-40a9-bd86-cd505360ab67/49dd4905_db3c_45ae_b7ae_d83e1ca0715f.jpg)
গেৰুৱা কৃষি খণ্ডত গেৰুৱা আৰু বংশৰৰ কৃষি উন্নয়ন বিষয়া ক্ৰমে চৈয়দ জাকিৰ হুছেইন আৰু দুৰ্লভ দাসে কৃষকক বিভিন্ন দিহা-পৰামৰ্শ দিয়াৰ উপৰিও হাজোৰ কৃষি উন্নয়ন বিষয়া কাশ্যপ পৰাগ বেজবৰুৱাই জৈৱিক কৃষি পদ্ধতিৰ বিষয়ে কৃষকসকলক বুজায় দিয়ে।
ইফালে বৰদুৱাৰত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে কাঁহিকুচি কৃষি বিজ্ঞান কেন্দ্ৰৰ জ্যেষ্ঠ বিজ্ঞানী ড° এম. হুছেইন। ভাষণ প্ৰশংগত বিজ্ঞানী গৰাকীয়ে ভূমি স্বাস্থ্য কাৰ্ড (Soil Health Card) সম্পৰ্কে উপস্থিত ৰাইজক অবগত কৰায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/ecc77ed9-b931-4f5c-a6bd-434a45573c95/4c3c1d1b_b305_43b8_80e6_99dda0f1b3b5.jpg)
উক্ত সভাত জ্যেষ্ঠ কৃষি উন্নয়ন বিষয়া তথা বৰদুৱাৰ কৃষি চক্ৰৰ ভাৰপ্ৰাপ্ত কৃষি বিষয়া খনিন্দ্ৰ শইকীয়াকে প্ৰমুখ্যে কৰি অন্যান্য বিষয়ববীয়াসকল উপস্থিত থাকে। কামৰূপ জিলা কৃষি বিভাগৰ সহযোগত অক্টোপাছ নামৰ সংস্থাৰ দ্বাৰা আয়োজিত এই কৃষক প্ৰশিক্ষণ তথা মেলা আগন্তুক দিনত কামৰূপ জিলাৰ বিভিন্ন গাওঁ পঞ্চায়তত আয়োজিত হ'ব বুলিও উদ্যোগতাই জানিবলৈ দিয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/1ac4b5e8-fd8f-43f3-bb28-dc383d586bd9/8650a21a_89b3_4743_bf7a_c290e82fb44f.jpg)
Also Read: বৃদ্ধি পালে মন্ত্ৰী, বিধায়কৰ দৰমহাঃ ৭২ হাজাৰৰ পৰিৱৰ্তে মুখ্যমন্ত্ৰীয়ে পাব ১ লাখ ৭০ হাজাৰ...