/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/8383aa10-bb1d-4c83-a3c7-dedec111b9c1/krishak.jpg)
ডিজিটেল ডেস্কঃ কামৰূপ জিলা কৃষি বিভাগ আৰু কৃষি প্ৰযুক্তি ব্যৱস্থাপনা অভিকৰণ (ATMA) ৰ সৌজন্যত সংহত কামৰূপ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ চৌহদত বৃহস্পতিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে কৃষক মেলাৰ আয়োজন কৰা হয়। বৃহস্পতিবাৰে উপায়ুক্ত কীৰ্তি জলীয়ে দ্বাৰ মুকলি কৰা মেলাখনত কাঁহিকুচি কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰব্বী ড° ধীৰেন্দ্ৰ কলিতা, জিলা উন্নয়ন আয়ুক্ত নৰ্চীং বে, অতিৰিক্ত উপায়ুক্তসকলৰ লগতে জিলা কৃষি বিষয়া বিমলা প্ৰসাদ দেউৰী আৰু বিভাগীয় অন্যান্য বিষয়ববীয়াসকল উপস্থিত থাকে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/90a20621-a8e0-43f1-b6c8-6620a664ef08/c635e293_f4e8_4984_9b1a_cd532ba07873.jpg)
কৃষক মেলাৰ লগত সংগতি ৰাখি উপায়ুক্ত কাৰ্যালয়ৰ সভাগৃহত আয়োজন কৰা প্ৰথমদিনাৰ প্ৰশিক্ষণ সভাত মহকুমা কৃষি বিষয়া শ্বাহ জামাল আল জাকাৰীয়াই কাঠফুলাৰ খেতি আৰু প্ৰযুক্তি বিষয়ত প্ৰশিক্ষণ প্ৰদান কৰে। জ্যেষ্ঠ কৃষি উন্নয়ন বিষয়া মুকুল বৰ্মনে বিভাগীয় বিভিন্ন আচঁনি সম্পৰ্কে বক্তৃতা প্ৰদান কৰাৰ লগতে কৃষকসকলৰ লগত মত বিনিময় কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/081f23ea-a36a-4f8b-9f40-a433b9a95f81/9e110373_0c72_4c86_8e5e_cd84af9c661f.jpg)
আনহাতে সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি আয়োজন কৰা প্ৰশিক্ষণত প্ৰাকৃতিক কৃষি সম্পৰ্কে প্ৰশিক্ষণ দিয়ে কৃষি সঞ্চালকালয়ৰ উপদেষ্টা খগেন্দ্ৰ শৰ্মা আৰু জলবায়ু স্থিতিস্থাপক কৃষি সম্পৰ্কে প্ৰশিক্ষণ দিয়ে কৃষি বিজ্ঞান কেন্দ্ৰৰ বিষয়বস্তু বিশেষজ্ঞ ৰিজৱানুল হেলিমে। উক্ত মেলাত কৃষকসকলৰ উৎপাদিত চাউল, শাক পাচলি, ফুল, ফল-মূলৰ লগতে কণী, উন্নতমানৰ কুকুৰা, বস্ত্ৰ, পিঠা ইত্যাদিও বিক্ৰী হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/a7c71255-af11-4a2b-9eb3-5de1c6bb744d/58225acb_2ef1_4287_bf40_4125a2ad0601.jpg)
Also Read: আমিনগাঁৱৰ উপায়ুক্ত কাৰ্যালয় চৌহদত লাচিতৰ মুৰ্তি উন্মোচন মুখ্যমন্ত্ৰীৰ