/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/59770c26-e3fe-460b-ad8f-12c5cf481d05/2a3b8adb_1f26_46bd_922b_b9dec909707d.jpg)
ডিজিটেল সংবাদ,গুৱাহাটীঃ গুৱাহাটী মহানগৰীৰ ফাঁচী বজাৰত সংঘটিত হৈছে এক অনাকাঙ্খিত ঘটনা। ফাঁচী বজাৰৰ নিৰ্মীয়মাণ ৰিভাৰ টাৰ্মিনেলত সংঘটিত হৈছে এই অঘটন।
জানিব পৰা মতে নিৰ্মীয়মাণ ৰিভাৰ টাৰ্মিনেলত ব্যৱহৃত ৱেল্ডিং গেছৰ চিলিণ্ডাৰ বিস্ফোৰিত হৈ কেইবাগৰাকী শ্ৰমিক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। আনহাতে চিলিণ্ডাৰৰ উফৰি যোৱা টুকুৰা পৰি এজন লোক পানীত পৰা বুলিও জানিব পৰা গৈছে।
লোকজনক ততাতৈয়াকৈ উদ্ধাৰ কৰে যদিও তেওঁৰ মৃত্যু হয়। ইফালে উক্ত ঘটনাত কেইবাগৰাকী শ্ৰমিক গুৰুতৰভাৱে আহত হয়। ৱেল্ডিং গেছৰ চিলিণ্ডাৰ বিস্ফোৰণৰ প্ৰচণ্ড শব্দই স্বাভাৱিকতে আতংকিত কৰিছে অঞ্চলটোৰ ৰাইজক।