মহানগৰীৰ হাতীগাঁৱত আটক জাল নোট সৰবৰাহকাৰী...

মহানগৰীৰ হাতীগাঁৱত আটক জাল নোট সৰবৰাহকাৰী...

ডিজিটেল সংবাদ, গুৱাহাটী : দেওবাৰৰ পুৱতি নিশা অসম আৰক্ষীৰ বিশেষ গোট এছটিএফ-ৰ এটি অভিযানকাৰী দলে গুৱাহাটীৰ হাতীগাওঁ এলেকাত অভিযান চলাই জালি নোটৰ লগত জড়িত মঃ বুবুল আলম নামৰ এজন অভিযুক্তক কৰায়ত্ব কৰিবলৈ সক্ষম হয়।

ঘটনা অনুসৰি যোৱা ৫ জুলাইৰ সন্ধিয়া প্ৰায় ৭ বজাত গুৱাহাটীত এছটিএফ-ৰ এটি অভিযানকাৰী দলে গুৱাহাটীৰ আইএছবিটিৰ কাষৰ পৰা মঃ ছাহানুৰ ইছলাম নামৰ মংগলদৈৰ এজন অবৈধ জালিনোটৰ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছিল। তদুপৰি তেওঁ ব্যৱহাৰ কৰা এ এছ ০১ ই কে ৫৬৪৪ নম্বৰৰ মাৰুতি বাহনখনো জব্দ কৰিছিল অভিযানকাৰী দলটোৱে।

ইয়াৰ পিছতেই গুৱাহাটীৰ আহোমগাওঁস্থিত ব্যক্তিজনৰ বাসগৃহত তালাচী চলাই পাঁচশটকীয়া জালিনোটৰ এটা বাণ্ডিল, ফটোষ্টেট কৰা পাঁচশটকীয়া নোট, পাঁচশটকীয়া নোটৰ জোখৰ বগা কাগজৰ‌ দম, পিষ্টলৰ আকৃতিৰ এটা লাইটাৰ, ৮ খন ভাৰতীয় পাঁচশটকীয়া আচল নোট আৰু চাৰিটা মোবাইল জব্দ কৰিবলৈ সক্ষম হৈছিল।

তদন্তৰ তথ্যৰ ভিত্তিত গুৱাহাটীৰ এছটিএফ-ৰ তদন্তকাৰী দলটোৱে দেওবাৰ অৰ্থাৎ ৯ জুলাইৰ পুৱতি নিশা গুৱাহাটীৰ হাতিগাওঁ থানাৰ অন্তৰ্গত দক্ষিণ গাঁৱত অভিযান চলাই এটি ভাড়াঘৰত আত্মগোপন কৰি থকা মঃ ছাহানুৰ ইছলামৰ সহযোগী আন এজন অপৰাধী মঃ বুবুল আলমক পুৱা ৪-৩০ বজাত আটক কৰিবলৈ সক্ষম হয়। আটকাধীন মঃ বুবুল আলম(৩১ )ৰ ঘৰ বৰপেটা জিলাৰ আলুগুটি চৰ থানাৰ অন্তৰ্গত আলুগুটি চৰ গাঁৱত।

উল্লেখ্য যে, প্ৰথমে ৫ জুলাইত আটকাধীন মঃ ছাহনুৰ ইছলামে আচল নোট জমা দিয়াৰ পিছত দুগুণ পৰিমাণৰ নকল‌ নোট দিয়াৰ প্ৰলোভেনেৰে গ্ৰাহকৰ পৰা লুটপাত চলাই আচল নোটবোৰ ৰাখি থৈছিল। এই সংক্ৰান্তত ভাৰতীয় দণ্ডবিধিৰ ১২০(বি)/৪৮৯(এ)/৪৮৯(চি)/৪৮৯(ডি) ধাৰাৰ অধীনত এছটিএফ থানাত ০৫/২০২৩ নম্বৰৰ এটি গোচৰ পঞ্জীয়ন কৰি তদন্ত চলাই থকা হৈছে বুলি বিভাগীয় কৰ্তৃপক্ষই জানিবলৈ দিয়ে।

মহানগৰীৰ হাতীগাঁৱত আটক জাল নোট সৰবৰাহকাৰী...
মাত্ৰ ডেৰশ মিটাৰ দূৰত্বৰ এটি পথৰ বাবে হাহাকাৰ ৰাইজৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in