/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/98becb34-afc2-45e4-b64e-35c154d77778/diganta_borah.jpg)
ডিজিটেল ডেস্কঃ দিনে দিনে বৃদ্ধি পাই আহিছে বিভিন্ন অপৰাধজনিত ঘটনা। ইয়াৰ বিৰুদ্ধে আৰক্ষী-প্ৰশাসনৰ অভিযান অৱ্যহত থকাৰ মাজতে দুষ্ট চক্ৰৰ কবলত পৰিল গুৱাহাটী মহানগৰ আৰক্ষীৰ আয়ুক্ত দিগন্ত বৰা। আৰক্ষী আয়ুক্ত বৰাৰ নামত কোনো দুষ্ট চক্ৰই ভুৱা ফেচবুক একাউণ্ট খুলি বিভিন্ন লোকক ধন বিচাৰি মেচেজ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে, ইয়াৰ পূৰ্বেও আৰক্ষী আয়ুক্ত দিগন্ত বৰাৰ নাম আৰু ফটো ব্যৱহাৰ কৰি দুষ্ট চক্ৰই ভুৱা ফেচবুক খুলিছিল। এনেবোৰ কৰ্মকাণ্ডৰ পৰা অনুমান হয় যে প্ৰায়ে দুষ্ট চক্ৰৰ টাৰ্গেট হৈ আহিছে আৰক্ষী আয়ুক্ত দিগন্ত বৰা।
Also Read: বাংগালুৰুত পুষ্প বৃষ্টিৰে প্ৰধানমন্ত্ৰী মোডীক আদৰণি
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us