সৰিয়হৰ ডুলিতে ভূত! জনতা ভৱনত উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত আবকাৰী বিষয়া...

সৰিয়হৰ ডুলিতে ভূত! জনতা ভৱনত উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত আবকাৰী বিষয়া...

author-image
Asomiya Pratidin
New Update
সৰিয়হৰ ডুলিতে ভূত! জনতা ভৱনত উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত আবকাৰী বিষয়া...

ডিজিটেল সংবাদ,গুৱাহাটীঃ ৰাজ্যত ইজনৰ পাছত সিজনকৈ চৰকাৰী বিষয়া- কৰ্মচাৰী দুৰ্নীতি নিৰ্বাৰকৰ জালত পৰাৰ পিছতো শিকনি হোৱা নাই একাংশ ঘোচখোৰে। মুখ্যমন্ত্ৰী আৰু আৰক্ষী সঞ্চালকৰ সতৰ্ক বাণীকো যেন কেৰেপ নকৰে তেওঁলোকে। এইবাৰ জনতা ভৱনত কালিমা সানিলে আবকাৰী বিভাগৰ এগৰাকী শাখা বিষয়াই।

Advertisment

অবিশ্বাস্য যদিও সত্য, বুধবাৰে জনতা ভৱনত চলিছিল দুৰ্নীতি নিবাৰক শাখাৰ অভিযান। এই অভিযানত আবকাৰী বিভাগৰ এগৰাকী শাখা বিষয়াক হাতে-লোটে গ্রেপ্তাৰ কৰে দুৰ্নীতি নিবাৰক শাখাই। অভিযুক্ত ঘোচখোৰ আবকাৰী বিষয়াজন পাৰ্থ হাজৰিকা বুলি জানিব পৰা হৈছে ৷

প্ৰাপ্ত তথ্য অনুসৰি, বাৰৰ অনুজ্ঞাপত্র দিয়াৰ নামত এজন লোকৰ পৰা ১ লাখ টকা বিচাৰিছিল পাৰ্থ হাজৰিকাই। পূৰ্বে ৪০ হাজাৰ টকাৰ উৎকোচ লৈছিল বিষয়াজনে। আজি পুনৰ দিছপুৰ জনতা ভৱনৰ মূল গেটৰ সমীপত ২৪,৫০০ টকা উৎকোচ লোৱাৰ সময়তে দুৰ্নীতি নিবাৰক শাখাই অভিযান চলাই হাতে-লোটে আটক কৰে পাৰ্থ হাজৰিকাক।

পৰৱৰ্তী সময়ত অভিযুক্ত হাজৰিকাৰ জয়ানগৰৰ বাসগৃহতো অভিযান চলাই দুৰ্নীতি নিবাৰক শাখাই। উল্লেখ্য যে, পাৰ্থ হাজৰিকাৰ ঘৰ নলবাৰী জিলাৰ বৰনৰ্দ্দীত।২০২২-২৩ বৰ্ষৰ অসম সচিবালয় সেৱা সন্থাৰ সাধাৰণ সম্পাদক আছিল পাৰ্থ হাজৰিকা। ইফালে জনতা ভৱনৰ D ব্লকত অভিযান অব্যাহত ৰাখিছে দুৰ্নীতি নিবাৰক শাখই।

Also Read: জীৱন দায়িনী ঔষধৰ মূল্যবৃদ্ধিৰ বিৰোধিতা 'আপ' ৰ...

dispur janata bhawan bribe janata bhaban anti corruption ANTI CORRUPTION