দেশৰ ভিতৰতে দ্বিতীয় স্থান অৰ্জন গুৱাহাটীৰ ESIC হাস্পতালৰ...

ESIC ৰ ৭৪ সংখ্যক প্ৰতিষ্ঠা দিৱসত উজলি উঠিল গুৱাহাটীৰ ESIC মডেল হাস্পতাল। সৰ্বভাৰতীয় পৰ্যায়ত অনুষ্ঠিত এই অনুষ্ঠানত গুৱাহাটীৰ ESIC মডেল হাস্পতালে দ্বিতীয়স্থান লাভ কৰিছে। 

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
দেশৰ ভিতৰতে দ্বিতীয় স্থান অৰ্জন গুৱাহাটীৰ ESIC হাস্পতালৰ...

ডিজিটেল ডেস্কঃ নতুন দিল্লীৰ ভাৰত মণ্ডপমত আয়োজিত "ই এছ আই চি"ৰ ৭৪ সংখ্যক প্ৰতিষ্ঠা দিৱসত উজলি উঠিল গুৱাহাটীৰ বেলতলাস্থিত ই এছ আই চি মডেল হাস্পতাল। সৰ্বভাৰতীয় পৰ্যায়ত অনুষ্ঠিত এই অনুষ্ঠানত গুৱাহাটীৰ ই এছ আই চি মডেল হাস্পতালে দ্বিতীয়স্থান লাভ কৰিছে। 

Advertisment

উল্লেখ্য যে, দেশৰ সকলো প্ৰান্ততে থকা ই এছ আই চি মডেল হাস্পতালসমূহৰ প্ৰদৰ্শনৰ ভিত্তিত পুৰস্কৃতি কৰা হৈছিল। বেলতলাৰ ই এছ আই চিয়ে দেখুওৱা প্ৰদৰ্শনৰ বাবে সৰ্বভাৰতীয় পৰ্যায়ত দ্বিতীয় স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে। 

১০০ খন বিচনাযুক্ত গুৱাহাটীৰ ই এছ আই চি মডেল হাস্পতালখনৰ হৈ সোমবাৰে দিল্লীত এই সন্মান গ্ৰহণ কৰে অধীক্ষক ডাঃ বিজয় ডেকাই। তেওঁৰ হাতত এই সন্মান তুলি দিয়ে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডব্যয়। 

বঁটা গ্ৰহণ কৰি ডাঃ ডেকাই কয় যে, আগন্তুক দিনত গুৱাহাটীৰ বেলতলাৰ ই এছ আই চি মডেল হাস্পতালৰ বিচনাৰ সংখ্যা ১০০ ৰ পৰা ২০০ খনলৈ বৃদ্ধি কৰা হ’ব। এই হাস্পতালখনৰ আধুনীকিকৰণৰ জৰিয়তে সকলো জটিল ৰোগৰ চিকিৎসা সম্ভৱ হৈ পৰিব। তাৰোপৰি এই হাস্পতালখনতেই বিভিন্ন চাৰ্জাৰীও সম্ভৱপৰ হৈ উঠিব। 

নতুন দিল্লী স্বাস্থ্য