গণেশ মন্দিৰ পথৰ ৰাধালয়ত শোকৰ বন্যা : নিউ গুৱাহাটীৰ উদ্যমী ব্যৱসায়ী অঞ্জন দাসৰ আকস্মিক মৃত্যু...

author-image
Asomiya Pratidin
New Update
গণেশ মন্দিৰ পথৰ ৰাধালয়ত শোকৰ বন্যা : নিউ গুৱাহাটীৰ উদ্যমী ব্যৱসায়ী অঞ্জন দাসৰ আকস্মিক মৃত্যু...

ডিজিটেল ডেস্ক : নিউ গুৱাহাটী গণেশ মন্দিৰ পথৰ ৮ নম্বৰ উপ-পথ নিৱাসী উদীয়মান ব্যৱসায়ী অঞ্জন দাস(৫২)ৰ আজি পুৱা প্ৰায় ৭.৩০ বজাত নেমকেয়াৰ হস্পিতালত মৃত্যু হয় । কিছুদিন আগৰ পৰা যকৃতৰ ৰোগত আক্ৰান্ত অমায়িক ব্যৱহাৰৰ বাবে অঞ্চলটোৰ সকলোৰে স্নেহ বুটলিবলৈ সক্ষম হোৱা অনুষ্ঠান ব্যৱস্থাপনাৰ ব্যৱসায়ৰ সৈতে জড়িত ব্যৱসায়ীগৰাকী তিনি দিন আগলৈকে সম্পূৰ্ণ ৰূপে সুস্থ আছিল । আনকি তেওৰ অনুৰোধমৰ্মেই চাৰি ককাই-ভাই একেলগে বাস কৰা ঘৰখনত প্ৰতিবছৰে অনুষ্ঠিত কৰা মনসা পূজাৰ আয়োজনো চলিছিল ।

Advertisment

ইয়াৰ মাজতে তিনিদিন পূৰ্বে অসুস্থ হৈ পৰা অঞ্জন দাসক পৰিয়ালে নেমকেয়াৰ চিকিৎসালয় ভৰ্তি কৰে যদিও শুক্ৰবাৰে তেওক চিকিৎসালয়ে ঘৰলৈ পঠিয়াই । ঘৰলৈ আহি স্থায়ী মনসা মন্দিৰৰ চোতালত পূজা উপলক্ষে নিৰ্মাণ কৰি থকা মন্দপৰ কামো তেও তদাৰক কৰে যদিও কালি হঠাতে পুনৰ অসুস্থ হৈ পৰাত তেওক নেমকেয়াৰ চিকিৎসালয়ৰ আই চি ইউত ভৰ্তি কৰোৱা হয় । কিন্তু আজি পুৱা চিকিৎসকে তেওৰ মৃত্যু হোৱাৰ কথা ঘোষণা কৰে ।

বাসগৃহ 'ৰাধালয়'ত পত্নীৰ সৈতে অঞ্জন দাস
বাসগৃহ 'ৰাধালয়'ত পত্নীৰ সৈতে অঞ্জন দাস

উল্লেখ কৰাৰ প্ৰয়োজন যে, মৃত্যুৰ সময়ত তেঁও পত্নী আৰু ১০ বছৰীয়া এটি পুত্ৰ সন্তানৰ লগতে তিনিজন ককায়েক আৰু তিনিগৰাকী বায়েকৰ ওপৰি ভতিজা-ভজিতিসহ বহু আত্মীয়ক এৰি থৈ গৈছে । দক্ষ অনুষ্ঠান ব্যৱস্থাপক আৰু মন্দপৰ সৌন্দৰ্য বৰ্ধনৰ প্ৰতি অতিকৈ সচেতন অঞ্জন দাসে নূন্যতম মূল্যত সদায় নিউ গুৱাহাটী সাৰ্বজনীন পূজা সমিতিৰ মন্দপৰ ওপৰি অঞ্চলটোৰ ব্যক্তিগত পৰিয়ালৰ ঘৰ অথবা বিবাহ ভৱনত বিয়াকে ধৰি অঞ্চলটোৰ বিভিন্ন অনুষ্ঠানৰ অস্থায়ী মন্দপ নিৰ্মাণৰ দায়িত্ব লোৱাৰ ওপৰি আভ্যন্তৰীণ সৌন্দৰ্যবৰ্ধন আৰু অভ্যৰ্থনাৰ দায়িত্বও লৈছিল ।

এই মন্দপসমূহৰ কাম-কাজ কৰা শ্ৰমিকৰ কাম অনবৰত তদাৰক কৰাৰ বাবে নিয়মিত খাদ্য আৰু বিশ্ৰামৰ ক্ষেত্ৰত তেও অৱশ্যে কিছু পৰিমাণে অনিয়মীয়া আছিল । কিন্তু নিচাযুক্ত কোনো দ্ৰৱ্য, পান-গুটকা আদি নোখোৱা অমায়িক ব্যৱহাৰৰ ব্যক্তিজন এনেদৰে যকৃতৰ ৰোগত আক্ৰান্ত হৈ হঠাতে মৃত্যুবৰণ কৰিব লগীয়া হোৱাত সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পৰিছে ।

মৃত্যুৰ খবৰ পায়েই পুৱাতে গণেশ মন্দিৰ পূজা সমিতি, নিউ গুৱাহাটী সাৰ্বজনীন পূজা সমিতি, নুনমাটি ব্যৱসায় সন্থাৰ বহু কৰ্ম-কৰ্তা, চিকিৎসালয় আৰু বাসভৱনত উপস্থিত হয় । ঘৰখনত উপস্থিত হোৱা লোকসকলৰ ওপৰি পৰিয়ালৰ লোকসকলৰ মাজতো কোনেও কাকো সান্তনা দিব নোৱাৰা এক শোকাকূল পৰিৱেশৰ সৃষ্টি হৈছে ।

উল্লেখ কৰাৰ প্ৰয়োজন যে, অসুস্থ অঞ্জন দাসক তেওৰ ব্যৱসায়ৰ ক্ষেত্ৰত সৰ্বত্ৰ প্ৰকাৰে উৎসাহ জোগোৱা আৰু সহযোগ কৰা তেওৰ জ্যেষ্ঠ ভাতৃ তথা নিউ গুৱাহাটী আঞ্চলিক পূজা সমিতিৰ সম্পাদক শ্যামন্ত দাসো মানসিকভাৱে ভাগি পৰিছে । জানিব পৰা মতে, পৰিয়ালৰ সকলো আত্মীয় উপস্থিত হোৱাৰ পিছত নৱগ্ৰহ শ্মশানত তেওৰ অন্তেষ্ট্যিক্ৰিয়া সম্পন্ন কৰা হ'ব ।

Also Read: মৰিধল মহাবিদ্যালয়ত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ আলোচনা চক্ৰৰ সফল সামৰণি

noonmati