ইলোৰা বিজ্ঞান মঞ্চৰ ২২ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ আয়োজনঃ কটনত আলোচনা সভা...

২০০৪ চনৰে পৰা বৈজ্ঞানিক মানসিকতা প্ৰসাৰত অহৰহ ব্ৰতী হৈ থকা ইলোৰা বিজ্ঞান মঞ্চই অহা ১৫ মে’, ২০০৫ ত একৈশ বছৰ সম্পূৰ্ণ কৰিব। এই দিনটো ইলোৰা ৰায়চৌধুৰীৰো মৃত্যু বাৰ্ষিকী।

author-image
Tushar Pratim
New Update
ইলোৰা বিজ্ঞান মঞ্চৰ ২২ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ আয়োজনঃ কটনত আলোচনা সভা...

ডিজিটেল ডেস্কঃ ২০০৪ চনৰে পৰা বৈজ্ঞানিক মানসিকতা প্ৰসাৰত অহৰহ ব্ৰতী হৈ থকা ইলোৰা বিজ্ঞান মঞ্চই অহা ১৫ মে, ২০০৫ ত একৈশ বছৰ সম্পূৰ্ণ কৰিব। এই দিনটো ইলোৰা ৰায়চৌধুৰীৰো মৃত্যু বাৰ্ষিকী।

Advertisment

প্ৰতি বছৰে পালন কৰি অহাৰ দৰে এইবাৰো ইলোৰা বিজ্ঞান মঞ্চৰ সকলো শাখাই উক্ত দিনটোত গাম্ভীৰ্যপূৰ্ণভাৱে পালন কৰিব ২২ সংখ্যক প্ৰতিষ্ঠা দিৱস। গুৱাহাটীত মঞ্চৰ চাৰিওটা শাখা  মধ্য গুৱাহাটী, বেলতলা বশিষ্ঠ শাখা, পাণ্ডু মালিগাওঁ শাখা আৰু পাঞ্জাবাৰী শাখা মিলি গঠন কৰা সমন্বয়ৰক্ষী সমিতিৰ উদ্যোগত কটন বিশ্ববিদ্যালয়ৰ এলুমনাই হলত ১৫ মেৰ দিনৰ ৩ বজাৰ পৰা প্ৰতিষ্ঠা দিৱস উপলক্ষে অনুষ্ঠিত হব আলোচনা সভা।

এই আলোচনা সভাত জলবায়ু ন্যায়- আমাৰ দ্ব্যৰ্থহীন অধিকাৰ শীৰ্ষক বিষয়ত মূল ভাষণ প্ৰদান কৰিব আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন পৰিৱেশবিদ ড০ ঋতুৰাজ ফুকনে। সভাখন সঞ্চালনা কৰিব বিশিষ্ট পৰিৱেশ বিজ্ঞানী তথা ইলোৰা বিজ্ঞান মঞ্চৰ কেন্দ্ৰীয় কমিটীৰ সভাপতি ড০ কালি প্ৰসাদ শৰ্মাই।

এই অনুষ্ঠানত সকলো ৰাইজৰ সহযোগিতা, উপস্থিতি আশা কৰিছে ইলোৰা বিজ্ঞান মঞ্চৰ কামৰূপ (মহানগৰ) জিলা সমন্বয়ৰক্ষী সমিতিয়ে।

ইলোৰা বিজ্ঞান মঞ্চ