ভূতনাথত নিচাসক্ত সামগ্ৰী জব্দঃ আটক এগৰাকী মহিলা

ভূতনাথত নিচাসক্ত সামগ্ৰী জব্দঃ আটক এগৰাকী মহিলা

ডিজিটেল সংবাদ,কামৰূপঃ ভৰলুমুখৰ অন্তৰ্গত ভূতনাথ বাগানস্থিত আফছানা বেগমৰ বাসগৃহত সোমবাৰে আৰক্ষীৰ বিশেষ শাখাই অভিযান চলায়। আৰক্ষীয়ে অভিযানত হেৰ'ইন ভৰ্তি চাবোনৰ বাকচ আৰু কন্টেইনাৰ জব্দ কৰে। জব্দাকৃত হেৰ'ইনখিনিৰ পৰিমাণ ৪৬.৫ গ্ৰাম।

আফছানা বেগমৰ ঘৰৰ পৰা আৰক্ষীয়ে নগদ ১০,৪১০ টকা জব্দ কৰা লগতে এটা মোবাইল ফোন, খালী কন্টেইনাৰৰ সৈতে প্লাষ্টিকৰ পেকেট, আফছানা বেগমৰ নামত থকা এখন আধাৰ কাৰ্ড, এখন পান কাৰ্ড জব্দ কৰে।

আৰক্ষীয়ে ঘটনা সংক্ৰান্তত ২৯ বছৰীয়া আফছানা বেগম নামৰ এগৰাকী মহিলাগৰাকীক আটক কৰে। তেওঁৰ স্বামী আছিফ আহমেদ বুলি জানিব পৰা গৈছে।

ভূতনাথত নিচাসক্ত সামগ্ৰী জব্দঃ আটক এগৰাকী মহিলা
গণশিল্পী সূৰ্য দাসলৈ নিশাৰী বঁটা ২০২৪...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in