কলাক্ষেত্ৰত মহেন্দ্ৰ বৰঠাকুৰ, দুৰ্গেশ্বৰ বৰঠাকুৰ সোৱৰণত নাট প্ৰদৰ্শন

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত মঙলবাৰে বিশিষ্ট নাট্যকাৰ প্ৰয়াত মহেন্দ্ৰ বৰঠাকুৰ আৰু আন এগৰাকী বিশিষ্ট নাট্যকাৰ, অভিনেতা প্ৰয়াত দুৰ্গেশ্বৰ বৰঠাকুৰ সোৱৰণত এক নাট্য প্ৰদৰ্শনী অনুষ্ঠান অনুষ্ঠিত হয় ।

author-image
Asomiya Pratidin
New Update
কলাক্ষেত্ৰত মহেন্দ্ৰ বৰঠাকুৰ, দুৰ্গেশ্বৰ বৰঠাকুৰ সোৱৰণত নাট প্ৰদৰ্শন

ডিজিটেল ডেস্ক : শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত মঙলবাৰে বিশিষ্ট নাট্যকাৰ প্ৰয়াত মহেন্দ্ৰ বৰঠাকুৰ আৰু আন এগৰাকী বিশিষ্ট নাট্যকাৰ, অভিনেতা প্ৰয়াত দুৰ্গেশ্বৰ বৰঠাকুৰ সোৱৰণত এক নাট্য প্ৰদৰ্শনী অনুষ্ঠান অনুষ্ঠিত হয় ।

Advertisment

অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত অম্বিকাগিৰী নগৰ সেউজ সংঘই নিবেদন কৰে প্ৰয়াত দুৰ্গেশ্বৰ বৰঠাকুৰ ৰচিত নাট 'কিডনেপ' । অভিনয়াৰ শিল্পী সকলৰ দ্বাৰা পৰিবেশিত এই নাটখনৰ পৰিচালনা আছিল সঞ্জীৱ বুঢ়াগোহাইৰ । অনুষ্ঠানৰ আৰম্ভণিতেই দুয়োগৰাকী বিশিষ্ট নাট্যকাৰ তথা লিখকলৈ শ্ৰদ্ধা জ্ঞাপন কৰা হয় ।

সেউজ সংঘৰ সভাপতি ৰাজেন বৰদলৈয়ে এই নাট্য অনুষ্ঠানটোৰ শুভ উদ্বোধন কৰে । এই নাট্য অনুষ্ঠানত সাংস্কৃতিক সঞ্চালকালয়ৰ নাট বিভাগৰ প্ৰযোজক ভূপাল পাঠক, গৰীমা গাৰ্গ, ধীৰেশ্বৰ ৰহাং, ৰূপজ্যোতি বৰঠাকুৰ, বিনয় মল্ল বুজৰবৰুৱা, সমীৰ জ্যোতি মহন্ত, ৰাজীৱ মল্ল বুজৰবৰুৱা, মৃদুতৃষ্ণা বৰদলৈ, ডা: অতনু বৰঠাকুৰ, ডা: শান্তনু বৰঠাকুৰ, কুশল কলিতা, ধ্ৰুৱজ্যোতি বৰঠাকুৰ, সাগৰিকা বৰঠাকুৰ, বিকাশ বৰদলৈ, হিমাংক বি ডেকা, ডা: চন্দন তালুকদাৰ, বিজিত দেৱচৌধুৰী, ৰুমী শৰ্মা বৰঠাকুৰ, বীৰেন বৰঠাকুৰ, ৰূপৰেখা বৰঠাকুৰ আদি গণ্য মান্য ব্যক্তি সকল উপস্থিত থাকে ।

আৰু পঢ়ক : প্ৰথমে ৰে'লৰ ইঞ্জিন, এইবাৰ ৰে'ল লাইন চুৰি বিহাৰত !

shankardev kalakshetra