শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত 'মোৰ আইৰ গাহৰি পোৱালিটো' নাটক মঞ্চস্থ

'টীম ইণ্ডিপিটি'ৰ পৰিচালক প্ৰাঞ্জল কে শইকীয়াই ২০১৮ চনত চণ্ডিগড়ত আয়োজন কৰা অষ্টম থিয়েটাৰ অলিম্পিক উৎসৱত 'ইণ্ডিপিটি',এন এছ ডি দিল্লীয়ে আয়োজন কৰা ভাৰত ৰং মহোৎসৱত 'ভৌ'(২০১৯) আৰু 'চেংপুং ব'ৰ্ডাৰ' (২০২০) নাটককেইখন মঞ্চস্থ কৰি সুনাম কঢ়িয়াবলৈ সক্ষম হয়।
শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত 'মোৰ আইৰ গাহৰি পোৱালিটো' নাটক মঞ্চস্থ

ডিজিটেল সংবাদ, হাওৰাঘাটঃ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত তিনি দিনীয়া কাৰ্যসূচীৰে ষষ্ঠ আঁ‌ৰকাপোৰ নাট্য উৎসৱ - ২০২৪ নামৰ এটা মহৎ অনুষ্ঠান অনুষ্ঠিত কৰা হয় । উক্ত উৎসৱত গুৱাহাটীৰ প্ৰতিষ্ঠিত নাট্যদল 'টীম ইণ্ডিপিটি'ৰ উদ্যোগত আৰু বকলীয়াঘাটৰ 'সন্ধান'ৰ সহযোগত 'মোৰ আইৰ গাহৰি পোৱালিটো' শীৰ্ষক এখন সামাজিক নাটক সফলভাৱে মঞ্চস্থ হৈ যায়।

পৰিৱৰ্তনশীল সমাজৰ ৰৌঢ় বাস্তৱতাৰ লগত সংগতি ৰাখি জীৱকুলক প্ৰাধান্য দি নাটকৰ মূল কাহিনীভাগ এগৰাকী বিধৱা আৰু গাহৰি পোৱালিৰ মাজত আশাব্যঞ্জক সম্পৰ্ক গঢ়ি উঠে যদিও সমাজৰ পৰিস্থিতিয়ে তেওঁলোকৰ জীৱনৰ সপোনক বাধাগ্ৰস্ত কৰি তোলে আৰু এদিন নতুন পথৰ অন্য এক যাত্ৰাৰ সন্ধানত কাহিনীয়ে গতি লাভ কৰে আৰু নাটকৰ পৰিসমাপ্তি ঘটে।

বৰ্তমান সমাজৰ কু-সংস্কাৰবোৰ আঁ‌তৰাই জাতীয় ঐক্য অটুট ৰখাৰ ক্ষেত্ৰত উক্ত নাটকখনে ইতিবাচক ভূমিকা পালন কৰা বুলি এইক্ষেত্ৰত উপস্থিত দৰ্শকে কৰা মন্তব্য উল্লেখনীয়।

উল্লেখ্য যে উক্ত নাটকৰ ৰচনা আৰু পৰিকল্পনা 'টীম ইণ্ডিপিটি'ৰ পৰিচালক প্ৰাঞ্জল কে শইকীয়াৰ। নাটকৰ মুখ্য চৰিত্ৰত অভিনয় কৰা মনোজ শইকীয়া আৰু দীপশিখা দেৱীৰ বলিষ্ট অভিনয়ে নাটকৰ মূল উপজীৱ্যক মূৰ্ত কৰি তোলাৰ লগতে দৰ্শকৰ পৰা ভূয়সী প্ৰশংসা বুটলিবলৈ সক্ষম হয়।

নাটকত অভিনয় কৰা আন শিল্পীসকল হৈছে- নৱজ্যোতি বৰা, হিমু বৰা,জয়ন্ত মাধৱ গগৈ, অংকুৰ ৰাজবংশী, নিৰ্মালি নয়নতৰা, ভক্তিদীপা সন্দিকৈ, দিব্যজ্যোতি শইকীয়া, ভৱেশ গগৈ,জুনমণি হাজৰিকা, অপূৰ্ব চাংমাই, সংজ্ঞা ধ্ৰুপদী, জিলিঙনি, বিশ্বজিৎ সন্দিকৈ, সপোন প্ৰতিম আৰু হাৰ্দিক। নাটকৰ সংগীত ৰিতুপম লস্কৰ আৰু পোহৰৰ ব্যৱস্থাপনাত তপন বৰুৱাৰ।

উল্লেখ্য যে 'টীম ইণ্ডিপিটি'ৰ পৰিচালক প্ৰাঞ্জল কে শইকীয়াই ২০১৮ চনত চণ্ডিগড়ত আয়োজন কৰা অষ্টম থিয়েটাৰ অলিম্পিক উৎসৱত 'ইণ্ডিপিটি',এন এছ ডি দিল্লীয়ে আয়োজন কৰা ভাৰত ৰং মহোৎসৱত 'ভৌ'(২০১৯) আৰু 'চেংপুং ব'ৰ্ডাৰ' (২০২০) নাটককেইখন মঞ্চস্থ কৰি সুনাম কঢ়িয়াবলৈ সক্ষম হয়। তেওঁ‌ অসমীয়া বোলছবি 'মন যায়'ত সহকাৰী পৰিচালক হিচাপে কাম কৰে, যিখন ছবিয়ে ২০০৮ চনত শ্ৰেষ্ঠ অসমীয়া চলচ্চিত্ৰৰ বাবে ৰজত কমলৰ সন্মান লাভ কৰে। পৰিচালক আৰু প্ৰয়োজক হিচাপে তেওঁৰ প্ৰথম অসমীয়া বোলছবি হৈছে 'অকমান' (২০২২)।

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত 'মোৰ আইৰ গাহৰি পোৱালিটো' নাটক মঞ্চস্থ
নিজৰ মৃত্যুৰ খবৰ দিয়া পুনমে পুনৰ দিলে জীয়াই থকাৰ খবৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in