গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাৰ্চায্য ড০ মৃদুল হাজৰিকালৈ ইউ এছ টি এমৰ আউতষ্টেণ্ডিং একাডেমিক লিডাৰশ্বিপ বটা…

গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাৰ্চায্য ড০ মৃদুল হাজৰিকালৈ ইউ এছ টি এমৰ আউতষ্টেণ্ডিং একাডেমিক লিডাৰশ্বিপ বটা…

author-image
asomiyapratidin
New Update
গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাৰ্চায্য ড০ মৃদুল হাজৰিকালৈ ইউ এছ টি এমৰ আউতষ্টেণ্ডিং একাডেমিক লিডাৰশ্বিপ বটা…

ডিজিটেল সংবাদ, ন' মাইলঃ বৃহস্পতিবাৰে ইউনিভাৰচিটি অৱ চায়েঞ্চ এণ্ড টেকনোলজী, মেঘালয়ত ড০ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মবাৰ্ষিকী তথা শিক্ষক দিৱসৰ উপলক্ষে আয়োজিত অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাৰ্চায্য ড০ মৃদুল হাজৰিকাই ইউ এছ টি এমৰ আচাৰ্য্য শ্ৰী মহবুবুল হকৰ পৰা আউতষ্টেণ্ডিং একাডেমিক লিডাৰশ্বীপ বটাঁ গ্ৰহণ কৰি কয় বৈচিত্ৰতাৰ প্ৰতি সন্মান, সহনশীলতা আৰু সংবেদনশীলতাই হৈছে প্ৰতিজন মানুহৰে মুল নীতি, যিবোৰ শিক্ষকে শিকায়। মানৱীয় প্ৰমুল্যবোধ আৰু সমাজৰ একেলগে উৎকৰ্ষ সাধনৰ নিৰ্ধাৰিত পাঠ্যক্ৰমে মহান প্ৰতিষ্ঠানৰ জন্ম দিয়ে। ড০ মৃদুল হাজৰিকাই শৈক্ষিক আৰু গৱেষমাত আগবঢ়োৱা উল্লেখনীয় অৱদানৰ প্ৰশংসা স্বৰূপে এই বটাঁ প্ৰদান কৰা হয়। শিক্ষক দিৱসৰ উপলক্ষে আয়োজিত অনুষ্ঠানত ইউ এছ টি এমৰ সকলো শিক্ষক-শিক্ষয়ত্ৰীকে সম্বৰ্ধনা জনোৱা হয়।

Advertisment

উপস্থিত সকলোকে সমেবোধন কৰি ড০ মৃদুল হাজৰিকাই কয়- শিকোৱা আৰি শিকা এটা অন্তহীন পৰিক্ৰমা। ইয়াৰ মূল উদ্দেশ্য হল জীৱনৰ বিভিন্ন প্ৰত্যাহ্বানৰ সৈতৈ মোকাবিলা কৰিব পৰাকৈ প্ৰত্যেককে প্ৰয়োজনীয় শিক্ষাৰে দক্ষ কৰি তোলা। ভাল অভ্যাসে এটা ভাল চৰিত্ৰ গঠন কৰাত সহায় কৰে আৰিু বৰ্তমান বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ যুগত মানুহে কেনেকৈ প্ৰযুক্তি আৰু আৱেগ-অনুভূতিৰ সহযোগত উন্নত জীৱন যাপন কৰিব পাৰি সেয়া জনাটো দৰকাৰ।

ইয়াৰ আগতে আদৰণি ভাষণত ইউ এছ টি এমৰ আৰ্চায্য মহবুবুল হকে কয়- শিক্ষক সকল সমাজ গঢ়োতা, এগৰাকী শ্ৰেষ্ঠ শিক্ষক হল যিয়ে ছাত্ৰ-ছাত্ৰীসকলক ভৱিষ্যৎ দিক নিৰ্ণয়ৰ বাবে অনুপ্ৰেৰণা যোগায়। যদি এগৰাকী ভাল শিক্ষকে প্ৰতিষ্ঠানে এৰে মোৰ ঘৰৰ এটা খুঁটা নোহোৱা যেন অনুভৱ হয়। ভাষণত তেওঁ কয়- শিক্ষকসকলে ছাত্ৰ-ছাত্ৰীৰ কোনল মনটোক এটা সুন্দৰ আকৃতি দিয়ে। ইউ এছ টি এমৰ উপাৰ্চায্য, ড০ পি কে গোস্বামীয়ে গাভীৰ্যপূৰ্ণ এই অনুষ্ঠানটোত কয় যে, শিক্ষকসকল সমাজৰ মেৰুদণ্ড আৰু তেওঁলোকে শিশু আৰু নতুন প্ৰজন্মৰ জীৱন গঢ়াত উল্লেখনীয় ভূমিকা গ্ৰহণ কৰে।