ডাউন টাউন স্কুলৰ বহু প্ৰতীক্ষিত Fun Fiesta Carnival সম্পন্ন

মহানগৰীৰৰ অগ্ৰণী শিক্ষানুষ্ঠান ডাউন টাউন স্কুলে আজি বহু প্ৰতীক্ষিত Fun Fiesta Carnival অনুষ্ঠিত কৰে। এই কাৰ্নিভেলৰ জৰিয়তে শিক্ষাৰ্থীসকলে নিজৰ সৃজনশীলতা প্ৰকাশ কৰাৰ এক সুযোগ লাভ কৰিলে।

author-image
Asomiya Pratidin
New Update
ডাউন টাউন স্কুল

ডিজিটেল ডেস্কঃ মহানগৰীৰৰ অগ্ৰণী শিক্ষানুষ্ঠান ডাউন টাউন স্কুলে আজি বহু প্ৰতীক্ষিত Fun Fiesta Carnival অনুষ্ঠিত কৰে। এই কাৰ্নিভেলৰ জৰিয়তে শিক্ষাৰ্থীসকলে নিজৰ সৃজনশীলতা প্ৰকাশ কৰাৰ এক সুযোগ লাভ কৰিলে।

Advertisment

Fun Fiesta Carnival এক এদিনীয়া বিশেষ অনুষ্ঠান, যত শিক্ষাৰ্থী, অভিভাৱক আৰু এক বহল সমাজে বিভিন্ন বিনোদনমূলক কাৰ্যকলাপ, খেল আৰু অনেক অভিজ্ঞতাৰে পৰিপূৰ্ণ হোৱাৰ সুযোগ লাভ কৰিলে। 

শিক্ষানুষ্ঠানখনৰ নীতিৰ সৈতে সংগতি ৰাখি এই ইভেণ্টৰ জৰিয়তে শিক্ষাক আনন্দৰ সৈতে একত্ৰিত কৰি এক মূল্যবোধক প্ৰতিফলিত কৰিছে। ফান ফিয়েষ্টা কাৰ্নিভেলত শিক্ষাৰ্থীসকলৰ মাজত বিভিন্ন খেলা আৰু বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হয়। তাৰোপৰি এই ফেষ্টিভেলত আছিল বিভিন্ন সুস্বাদু খাদ্যৰ বিপণী, কৰ্মশালা, শিক্ষাৰ্থীসকলৰ সৃষ্টিশীল কলা আৰু উদ্ভাৱনীমূলক বিজ্ঞান প্ৰদৰ্শনী।

এই সন্দৰ্ভত শিক্ষানুষ্ঠানখনৰ অধ্যক্ষ মায়া আলফ্ৰেডে কয় যে, Fun Fiesta Carnival কেৱল এক আনন্দই নহয়, বৰঞ্চ জীৱনৰ এক গুৰুত্বপূৰ্ণ দক্ষতা। যেনে দলবদ্ধভাৱে কাম কৰা, সহানুভূতি আৰু সামাজিক দায়িত্ববোধ শিকাৰ এক আনন্দদায়ক পৰিবেশ।

ডাউন টাউন স্কুল