পুনৰ জেললৈ বন্দনা কলিতা ! ডাবল মাৰ্ডাৰ গোচৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ দুৱাৰস্থ মহানগৰ আৰক্ষী

পুনৰ জেললৈ বন্দনা কলিতা ! ডাবল মাৰ্ডাৰ গোচৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ দুৱাৰস্থ মহানগৰ আৰক্ষী

author-image
Asomiya Pratidin
New Update
পুনৰ জেললৈ বন্দনা কলিতা ! ডাবল মাৰ্ডাৰ গোচৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ দুৱাৰস্থ মহানগৰ আৰক্ষী

ডিজিটেল ডেস্কঃ মহানগৰীৰ ডাবল মাৰ্ডাৰৰ মূল অভিযুক্ত বন্দনা কলিতা আৰু তেওঁৰ ২ সহযোগীৰ জামিনৰ পাছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল সমগ্ৰ ৰাজ্যতে। নিৰ্দিষ্ট সময়ৰ ভিতৰত এখন শক্তিশালী অভিযোগনামা দাখিলত মহানগৰ আৰক্ষী ব্যৰ্থ হোৱাৰ বাবেই বন্দনা আৰু তেওঁৰ ২ সহযোগীয়ে জামিন লাভ কৰা বুলি সমগ্ৰ ৰাজ্যতে সমালোচিত হৈছিল মহানগৰ আৰক্ষী।

Advertisment

ইয়াৰ বিপৰীতে আদালতত গোচৰটোৰ ভূল বাখ্যা আগবঢ়োৱা হৈছে বুলি দাবী উত্থাপন কৰিছে মহানগৰ আৰক্ষীয়ে। ইতিমধ্যে বন্দনা কলিতাসহ ৩ অভিযুক্তৰ বিৰুদ্ধে উপযুক্ত প্ৰমাণসহ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে মহানগৰ আৰক্ষী। উচ্চতম ন্যায়ালয়ত গোচৰটোৰ বিচাৰ সম্পন্ন হ'লে খাৰিজ হ'ব পাৰে বন্দনাসহ তিনি অভিযুক্তৰ জামিন।

আনহাতে অমৰজ্যোতি ডে'ৰ সম্পত্তিৰ বাবে আদালৰ কাষ চাপিছে অমৰজ্যোতি ডে আৰু শংকৰী ডে'ৰ পৰিয়ালৰ লোকে। অমৰজ্যোতি ডে'ৰ ফ্লেটৰ চাবি বিচাৰিও আদালতত আবেদন জনাইছে অমৰজ্যোতি ডে'ৰ আত্মীয়ই। উল্লেখ্য যে, অমৰজ্যোতি ডে আৰু শংকৰী ডেৰ শিহৰণকাৰী হত্যাকাণ্ডৰ তথ্য পোহৰলৈ অহাৰ পাছতে আৰক্ষীয়ে তেওঁলোকৰ সকলো সম্পত্তি ছীল কৰি দিছিল।

মঙলবাৰে নিয়মিত সাক্ষী গ্ৰহণৰ বাবে সত্ৰ আদালতত উপস্থিত হয় হত্যাৰ অভিযুক্ত বন্দনা কলিতা। ডাবল মাৰ্ডাৰ গোচৰৰ বিচাৰ উচ্চতম ন্যায়ালয়ে কৰিলে পুনৰ জেললৈ যোৱাৰ সম্ভাৱনা আছে হত্যাকাণ্ডটোৰ ৩ অভিযুক্ত বন্দনা কলিতা, ধনটি ডেকা আৰু অৰূপৰ।

Also Read: অভিনন্দন ! বিকাশৰ গতিত সুৰংগত আৱদ্ধ শ্ৰমিকৰ জীৱন...

double murder case