/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-13/vf0btkqz/himanta 13.jpg)
১৫ আগষ্টত কোন মন্ত্ৰীয়ে ক'ত কৰিব পতাকা উত্তোলন?
ডিজিটেল ডেস্কঃ ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ বাবে সাজু হৈছে সমগ্ৰ দেশবাসী। ইতিমধ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আহ্বানত আৰম্ভ হৈছে হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী। তাৰ মাজতেই আজি অসম চৰকাৰৰ জনসংযোগ বিভাগে আগন্তুক ১৫ আগষ্টৰ দিনটোত কোন মন্ত্ৰীয়ে ৰাজ্যৰ কোন স্থানত পতাকা উত্তোলন কৰিব সেই বিষয়ে প্ৰকাশ কৰিছে। বিভাগে জাৰি কৰা প্ৰেছ বিজ্ঞপ্তি অনুসৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া ৰাজ্যিক কাৰ্যসূচীত পতাকা উত্তোলন কৰিব। তাৰ বিপৰীতে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে বঙাইগাঁৱত, অতুল বৰাই নগাঁৱত, ইউ জি ব্ৰহ্মই দৰঙত, চন্দ্ৰমোহন পাটোৱাৰীয়ে কামৰূপত, কেশৱ মহন্তই হোজাইত, ডাঃ ৰণোজ পেগুৱে লখিমপুৰত পতাকা উত্তোলন কৰিব।
একেদৰে তেজপুৰত অশোক সিংহালে, যোৰহাটত যোগেন মহনে, তিনিচুকীয়াত সঞ্জয় কিষাণে, গোলাঘাটত অজন্তা নেওগে, গোৱালপাৰাত পীযুষ হাজৰীকাই পতাকা উত্তোলন কৰিব।
সেইদৰেই ডিব্ৰুগড়ত বিমল বৰাই, শিলচৰত নন্দিতা গাৰ্লোচাই, নলবাৰীত জয়ন্ত মল্ল বৰুৱাই পতাকা উত্তোলন কৰিব। এইসকল মন্ত্ৰীৰ বিপৰীতে বিটিচিৰ চি ই এম প্ৰমোদ বড়োৱে কোকৰাঝাৰত, কাৰ্বা আংলং স্বায়ত্ব শাসিত পৰিষদৰ চি ই এম তুলিৰাম ৰংহাঙে ডিফুত, উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ চি ই এম দেৱলাল গাৰ্লোচাই হাফলঙত, বিটিচিৰ উপ মুখ্য কাৰ্যবাহী গোবিন্দ চন্দ্ৰ বসুমতাৰীয়ে ওদালগুৰিত আৰু অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিনে চৰাইদেউত পতাকা উত্তোলন কৰিব।
Also Read: সলনি হ'ল যুদ্ধৰ গতিঃ এইবাৰ ৰাছিয়াৰ বৃহৎ অঞ্চল দখল কৰিলে ইউক্ৰেইনে...