মিৰ্জাত ছাত্ৰ-ছাত্ৰীৰ মাজত বিনামূলীয়া পাঠ্যপুথি বিতৰণ...

মিৰ্জাৰ ৰামপুৰ প্ৰাথমিক শিক্ষাখণ্ড বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত নতুন শিক্ষাবৰ্ষৰ বাবে আজি বিনামূলীয়া পাঠ্যপুথি বিতৰণৰ কৰা হয়।

author-image
Asomiya Pratidin
New Update
মিৰ্জাত ছাত্ৰ-ছাত্ৰীৰ মাজত বিনামূলীয়া পাঠ্যপুথি বিতৰণ...

ডিজিটেল সংবাদ,পলাশবাৰীঃ  ৰামপুৰ প্ৰাথমিক শিক্ষাখণ্ড বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত নতুন শিক্ষাবৰ্ষৰ বাবে আজি মিৰ্জাস্থিত ৰামপুৰ প্ৰাথমিক শিক্ষাখণ্ডৰ বিষয়াৰ কাৰ্যালয় চৌহদত বিনামূলীয়া পাঠ্যপুথি বিতৰণৰ কাৰ্যসূচী শুভাৰম্ভণি কৰে পলাশবাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ড০ অংকিতা শৰ্মা আৰু ৰামপুৰ শিক্ষাখণ্ডৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া উৎপলা গগৈয়ে।

Advertisment

উক্ত অনুষ্ঠানত ক'ৰ পৰা পঞ্চম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক বিনামূলীয়া পাঠ্যপুথি বিতৰণ কৰা হয়। অনুষ্ঠানত ৩১ নং দহালী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক অনিল কলিতাই বিশেষ অতিথি হিচাপে উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীসকলক আন্তৰিকতাৰে পঢ়া-শুনা কৰি জীৱনত পাৰদৰ্শিতা দেখুৱাৰ লগতে দায়িত্বশীল নাগৰিক হ'বলৈ আহ্বান জনায়।

উল্লেখ, এই বিতৰণ কাৰ্যসূচীত ৰামপুৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া কাৰ্যালয়ৰ অধীনৰ মুঠ ১৪৪ খন বিদ্যালয়ৰ ছাত্ৰ - ছাত্ৰীক বিনামূলীয়া পাঠ্যপুথি বিতৰণ কৰা হয়।

মিৰ্জা