শক্তিশালী হ'ল দিছপুৰ আৰক্ষী থানা! তিনি পৰিদৰ্শকক নিযুক্তি...

মহানগৰ শেহতীয়াকৈ বৃদ্ধি পোৱা বিভিন্ন অপৰাধজনিত পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ ৰাজ্যৰ গৃহ বিভাগে দিছপুৰ আৰক্ষী থানাত নিযুক্তি প্ৰদান কৰিছে তিনি আৰক্ষী পৰিদৰ্শকক। ইতিমধ্যে ৰাজ্যৰ গৃহ বিভাগে এই নিৰ্দেশনা প্ৰদান কৰিছে।

author-image
Asomiya Pratidin
New Update
 দিছপুৰ

দিছপুৰ Photograph: ( দিছপুৰ)

ডিজিটেল ডেস্কঃ মহানগৰ শেহতীয়াকৈ বৃদ্ধি পোৱা বিভিন্ন অপৰাধজনিত পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ ৰাজ্যৰ গৃহ বিভাগে দিছপুৰ আৰক্ষী থানাত নিযুক্তি প্ৰদান কৰিছে তিনি আৰক্ষী পৰিদৰ্শকক। ইতিমধ্যে ৰাজ্যৰ গৃহ বিভাগে এই নিৰ্দেশনা প্ৰদান কৰিছে।

এতিয়াৰে পৰা দিছপুৰ আৰক্ষী থানাৰ অন্তৰ্গত এলেকাত অপৰাধ নিয়ন্ত্ৰণৰ দায়িত্বত থাকিব অ চি কৃষ্ণকান্ত লস্কৰ। আইন শৃংখলা নিয়ন্ত্ৰণৰ দায়িত্বত থাকিব অ চি অমৰজ্যোতি গগৈ আৰু দিছপুৰ থানা এলেকাৰ পৰিচালনাৰ দায়িত্বত থাকিব অ চি ভাস্কৰ মল্ল পাটোৱাৰী। 

ইতিমধ্যে এই ৩গৰাকী আৰক্ষী বিষয়াই দায়িত্ব গ্ৰহণ কৰিছে। 

গুৱাহাটী