
ডিজিটেল সংবাদ, গুৱাহাটীঃ ক্ষুদ্ৰ-মজলীয়া বাতৰি কাকতৰ স্বতাধিকাৰ আৰু সাংবাদিক কল্যাণ সমিতিৰ সভাপতি প্ৰকাশ বৰা আৰু সাধাৰণ সম্পাদক সঞ্জীৱ বৰাই মঙলবাৰে সাক্ষাৎ কৰে জনসংযোগৰ সঞ্চালক মানবেন্দ্ৰ দেব ৰায়ক । সঞ্চালকগৰাকীক সাক্ষাৎ কৰি ক্ষুদ্ৰ-মজলীয়া কাকত সমূহে সন্মুখীন হোৱা সমস্যাসমূহৰ বিষয়ে বিতং ভাৱে আলোচনা কৰে।
কাকত সমূহক প্ৰচাৰৰ বাবে জনসংযোগ বিভাগে দিয়া বিজ্ঞাপনৰ নিৰিখ অতি কম হোৱাৰ পৰিপ্ৰেক্ষিতত কাকত সমূহ আৰ্থিক অনাটনৰ সন্মুখীন হোৱাৰ কথা সঞ্চালক গৰাকীক অৱগত কৰা হয়।
লগতে জনসংযোগ বিভাগৰ বিভিন্ন সাংবাদিক সমিতি সমূহত ক্ষুদ্ৰ-মজলীয়া কাকতৰ সদস্য অন্তৰ্ভুক্ত কৰাৰ ক্ষেত্ৰত বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাই সঞ্চালকগৰাকীক ।