/asomiyapratidin/media/media_files/2025/03/25/PTqyVmENz1dIw1N5Vjo5.jpg)
ডিজিটেল ডেস্কঃ জ্যেষ্ঠ সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰক পাণবজাৰ আৰক্ষীয়ে আটক কৰাৰ ঘটনাত উদ্বেগ প্ৰকাশ কৰিছে গুৱাহাটী প্ৰেছ ক্লাবে। এপেক্স বেংকৰ কেলেংকাৰীৰ সন্দৰ্ভত বাতৰি সংগ্ৰহৰ বাবেই পাণবজাৰ আৰক্ষীয়ে আটক কৰাৰ অভিযোগ উত্থাপন কৰিছে স্বয়ং সাংবাদিকগৰাকীয়ে।
তেওঁক এইদৰে বাতৰি সংগ্ৰহৰ সময়ত আটক কৰাৰ বিষয়টোক উদ্বেগ প্ৰকাশ কৰিছে গুৱাহাটী প্ৰেছ ক্লাবে। এক বিজ্ঞপ্তিত প্ৰেছ ক্লাবে কয়, আজি অসম কো অপাৰেটিভ এপেক্স বেংকত অসম জাতীয় পৰিষদৰ জাতীয় যুৱ বাহিনীৰ প্ৰতিবাদ কাৰ্যসূচীৰ বাতৰি সংগ্ৰহৰ বাবে যোৱা গুৱাহাটী প্ৰেছ ক্লাবৰ সহকাৰী সম্পাদক, জ্যেষ্ঠ সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰক পাণবজাৰ থানালৈ ফোনযোগে মাতি নি আবদ্ধ কৰি ৰাখে।
বৰ্তমানলৈ তেওঁৰ অপৰাধ কি জানিব পৰা হোৱা নাই। জানিব পৰামতে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁৰ লগত বৰ্তমান কথা পাতিবলৈও দিয়া নাই। গুৱাহাটী প্ৰেছ ক্লাবে ঘটনাটোত উদ্বেগ প্ৰকাশ কৰিছে।
গুৱাহাটী প্ৰেছ ক্লাবৰ সভাপতি সুস্মিতা গোস্বামী আৰু সম্পাদক সঞ্জয় ৰায়ে বিষয়টোত গভীৰ উদ্বেগ প্ৰকাশ কৰে আৰু অতি সোনকালে মজুমদাৰক মুকলি কৰি দিবলৈ আহ্বান জনাইছে।