অসমীয়া প্ৰতিদিন ডিজিটেলৰ সাংবাদিক ডিম্পুল বৰগোহাঁইলৈ 'ডিজিটেল ইংক বঁটা'

অসমীয়া প্ৰতিদিন ডিজিটেলৰ সাংবাদিক ডিম্পুল বৰগোহাঁইলৈ 'ডিজিটেল ইংক বঁটা'

author-image
Asomiya Pratidin
New Update
অসমীয়া প্ৰতিদিন ডিজিটেলৰ সাংবাদিক ডিম্পুল বৰগোহাঁইলৈ 'ডিজিটেল ইংক বঁটা'

ডিজিটেল ডেস্ক: এছ’ছিয়েছন অৱ ইণ্ডিয়ান জাৰ্ণেলিষ্ট চমুকৈ এ আই জে অসম শাখাই ডিজিটেল সাংবাদিকতাৰ শিতানত প্ৰৱৰ্তন কৰা 'ডিজিটেল ইংক এৱাৰ্ড'-২০২৪ৰ বাবে নিৰ্বাচন কৰিছে ডিম্পুল বৰগোহাঁইক। অসমীয়া প্ৰতিদিন ডিজিটেলৰ সাংবাদিক বৰগোহাঁইক এই সন্মান প্ৰদান কৰিব ২৫ আগষ্ট ২০২৪ত।

Advertisment

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ড০ বাণীকান্ত কাকতি হলত আয়োজন কৰা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উক্ত সন্মান প্ৰদান কৰা হ’ব। সেইদিনা এছ’ছিয়েন অৱ ইণ্ডিয়ান জাৰ্ণেলিষ্টে আয়োজন কৰা জাৰ্ণেলিষ্ট ফেষ্টিভেল ২০২৪ত বৰগোহাঁইক এই সন্মান প্ৰদান কৰাৰ কথা এক বিবৃতিযোগে জনাইছে সংগঠনটোৰ বিষয়ববীয়াসকলে।

Also Read: হিন্দু-মুছলমান সকলোৰে তেওঁ মুখ্যমন্ত্ৰী...

award Asomiya Pratidin Digital Digital Ink Award Dimpul borgohain