/asomiyapratidin/media/media_files/2024/12/30/vzDqXChYsfBes3zWea1l.jpg)
ডিজিটেল ডেস্কঃ গুৱাহাটী মহানগৰীৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাৰ স্থানত নতুনকৈ দায়িত্ব দিয়া হৈছে পাৰ্থ সাৰথি মহন্তক। আনহাতে আৰক্ষী আয়ুক্ত দিগন্ত বৰাক বিশেষ শাখাৰ আই জি পি পদলৈ বদলি কৰা হৈছে।
তাৰোপৰি তেওঁক লাচিত বৰফুকন পুলিচ একাডেমীৰ সঞ্চালকৰো দায়িত্ব দিয়া হৈছে। মন কৰিবলগীয়া যে, চলিত বছৰৰে মাৰ্চ মাহত পাৰ্থ সাৰথি মহন্তক ৰাজ্যৰ যানবাহন আৰু পথ সুৰক্ষাৰ আই জি পি হিচাপে পদোন্নতিসহ দায়িত্ব দিয়া হৈছিল।
তাৰ পূৰ্বে তেওঁ এছ টি এফৰ ডি আই জি হিচাপে দায়িত্বত আছিল। এই দুই আৰক্ষী বিষয়াৰ উপৰিও আইন শৃংখলা শাখাৰ আই জি পি প্ৰশান্ত কুমাৰ ভূঞাক আই জি পি (প্ৰশাসন) হিচাপে বদলি কৰা হৈছে। আই জি পি অখিলেশ কুমাৰ সিঙক আইন-শৃংখলা বিভাগৰ দায়িত্ব দিয়া হৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/28/2025-10-28t075720917z-untitled-2-1-2025-10-28-13-27-21.png)
Follow Us