/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/65217c13-21f8-4f48-8be2-a044b5bba7e5/AP_FOR_WEB_drugs.jpg)
ডিজিটেল ডেস্কঃ ৰাজ্যত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান । সোণাপুৰত সোমবাৰে নিশা এছ টি এফৰ অভিযানত প্ৰায় ১৬ কোটি টকাৰ ড্ৰাগছ জব্দ কৰা হৈছে । সৰবৰাহকাৰীয়ে এখন হোণ্ডা চিটিত ভ্ৰমণ কৰি থকাৰ খবৰ লাভ কৰিছিল এছটিএফে ।
বহিঃ ৰাজ্যৰ পৰা সৰবৰাহ কৰা ড্ৰাগছখিনি মফিজুল নামৰ লোকজনে চাংসাৰিত হস্তান্তৰ কৰিবৰ বাবে আনিছিল । পৰৱৰ্তী সময়ত চাংসাৰি লৈ নিয়াৰ পৰিৱৰ্তে সোণাপুৰত হস্তান্তৰ কৰাৰ সিদ্ধান্ত লয় সৰবৰাহকাৰীয়ে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/eb9f3069-bdc3-4bb6-bde3-4d93205b4302/46bfbccc_4c50_481b_9da6_820db5fb6138.jpg)
ইয়াৰ পিছতেই সোণাপুৰ পোৱাৰ লগ লগেই পূৰ্বৰে পৰা বাহৰ পাতি থকা আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হয় মফিজুল । কিন্তু আৰক্ষীয়ে বাহনখন ৰখাবলৈ চেষ্টা কৰোতেই পলায়ন কৰিবলৈ চেষ্টা কৰিছিল মফিজুলে ।
যাৰ বাবে আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰী মফিজুল হক লৈ লক্ষ্য কৰি গুলী চালনা কৰিবলৈ বাধ্য হয় । জানিব পৰা মতে মফিজুল হকে মণিপুৰৰ পৰা কঢ়িয়াই আনিছিল ড্রাগছখিনি। মফিজুলৰ ঘৰ হৈছে গাৰিগাঁৱত । উল্লেখ্য যে স্পেচিয়েল টাস্ক ফৰ্চৰ ডিআইজি পাৰ্থ সাৰথিৰ নেতৃত্বত চলিছিল এই অভিযান ।
Also Read: চিৰাঙত সমষ্টি পুুনৰ নিৰ্ধাৰণক লৈ ১৩ টা কৈ বড়ো জাতীয় দল সংগঠনৰ প্ৰতিবাদ...