গৰৈমাৰীত উপায়ুক্ত কীৰ্তি জল্লীয়ে উদ্বোধন কৰিলে অস্ত্ৰোপ্ৰচাৰ কক্ষ, বিশেষ ৰাজহ আদালত...

চৰাঞ্চলো পৰিদৰ্শন কামৰূপৰ উপায়ুক্তগৰাকীৰ

author-image
Asomiya Pratidin
New Update
 গৰৈমাৰীত উপায়ুক্ত কীৰ্তি জল্লীয়ে উদ্বোধন কৰিলে অস্ত্ৰোপ্ৰচাৰ কক্ষ, বিশেষ ৰাজহ আদালত...

goroimari

ডিজিটেল সংবাদ গৰৈমাৰীঃ ছয়গাঁও সমষ্টিৰ অন্তৰ্গত গৰৈমাৰীত সোমবাৰে কামৰূপ জিলাৰ উপায়ুক্ত কীৰ্তি জল্লীয়ে কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰে৷ কামৰূপ জিলাৰ উপায়ুক্ত কীৰ্তি জল্লীয়ে আজি গৰৈমাৰী সামূহিক স্বাস্থ্য কেন্দ্ৰৰ 'পুৰুষ আৰু মহিলাৰ বন্ধ্যাকৰণ'ৰ অস্ত্ৰোপ্ৰচাৰ কক্ষৰ দ্বাৰ ফিতা কাটি ৰাইজৰ সুবিধা হোৱাকৈ আনুষ্ঠানিকভাৱে মুকলি কৰে৷

Advertisment

এই উপলক্ষে গৰৈমাৰী সামূহিক স্বাস্থ্য কেন্দ্ৰত অনুষ্ঠিত মুকলি সভাৰ আঁতধৰে স্বাস্থ্য কেন্দ্ৰৰ উচ্চবৰ্গৰ সহায়ক ময়নুল হক চৌধুৰীয়ে৷ গৰৈমাৰী সামূহিক স্বাস্থ্য কেন্দ্ৰৰ উপ-অধীক্ষক ডাঃ অসীম কুমাৰ কাকতীয়ে উদ্দেশ্য ব্যাখ্যা কৰাৰ সভাত কামৰূপ জিলাৰ উপায়ুক্ত কীৰ্তি জল্লী, কামৰূপ জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ গুণীন্দ্ৰ নাথ দেৱশৰ্মা, গৰৈমাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া অৰূপ বিৰকমীয়া, গৰৈমাৰী উন্নয়ন খণ্ডৰ খণ্ড বিষয়া নৱ বৰুৱা, ছয়গাঁও খণ্ড প্ৰাথমিক চিকিৎসালয়ৰ মহকুমা চিকিৎসা ও স্বাস্থ্য বিষয়া ডাঃ ৰাধাচৰণ দাস প্ৰমুখ্যে কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে৷

আনহাতে ইয়াৰ পূৰ্বে গৰৈমাৰী ৰাজহ চক্ৰ কাৰ্যালয়ৰ উদ্যোগত হাতীপাৰা গাঁও পঞ্চায়ত কাৰ্যালয়ৰ সভাকক্ষত এখনি 'বিশেষ ৰাজহ আদালত' অনুষ্ঠিত হয়৷ বিশেষ ৰাজহ আদালত অংশগ্ৰহণ কৰি জিলা উপায়ুক্ত কীৰ্তি জল্লী, গৰৈমাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া অৰূপ বিৰকমীয়াই মিছন বসুন্ধৰা-১ আৰু আহিবলগীয়া মিছন বসুন্ধৰা-২ সন্দৰ্ভত ৰাইজক অৱগত কৰায়৷

জিলা উপায়ুক্তগৰাকীকে নতুন চিমিনাপাৰা প্ৰাথমিক বিদ্যালয়ত উপস্থিত কণ কণ শিশুৰ সৈতে মতবিনিময় কৰাৰ লগতে মধ্যাহ্ন ভোজনৰ বাবে প্ৰস্তুত কৰা খিচিৰিৰ জুতি লয়৷ বিদ্যালয় চৌহদত থকা অংগনবাড়ী কেন্দ্ৰ এখন পৰিদৰ্শন কৰে৷

জিলা উপায়ুক্ত জিলা উপায়ুক্ত কীৰ্তি জল্লীয়ে অঞ্চলটো কেইবাটাও জলজীৱন আঁচনিও পৰিদৰ্শন কৰে৷ বিয়লি জিলা উপায়ুক্তগৰাকীয়ে যন্ত্ৰচালিত নাৱেৰে গৈ ছয়গাঁও সমষ্টিৰ অন্তৰ্গত চৰাঞ্চলৰ বাতাহিদিয়া চৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ পৰিদৰ্শন কৰে৷ জিলা উপায়ুক্তৰ দিনজোৰা কাৰ্যসূচীত হাতীপাৰা আৰু বাতাহিদিয়া গাঁও পঞ্চায়তৰ পঞ্চায়ত প্ৰতিনিধিসকলে সংগ দিয়ে৷

goroimari kamrup